অসম

মহানগৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী, জব্দ ১৯টা ড্ৰাগছভৰ্তি কন্টেইনাৰ…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ আভিযান।

এইবাৰ মহানগৰ আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহকাৰী।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মহানগৰীৰ ভৰলুমুখ আৰক্ষী আৰু জালুকবাৰী আৰক্ষীয়ে শান্তিপুৰ হিলচাইড কলনীৰ এটা ভাড়াঘৰত যুটীয়াভাৱে অবিযান চলাই।

 আৰক্ষীৰ এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে হাঁচিনুৰ আলম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰে।

আটকাধীন যুৱকজনৰ পৰা আৰক্ষীয়ে ১৯ টাকৈ সন্দেহজনক ড্ৰাগছভৰ্তি কন্টেইনাৰৰ লগতে দুটা মোবাইল ফোন জব্দ কৰে।

জব্দকৃত ড্ৰাগছখিনিৰ ওজন ২৫.৫ গ্ৰাম বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, আটকাধীন যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই অহা বুলি অঞ্চলটোল একাংশ লোকে অভিযোগ উত্থাপন কৰিছে।

ইফালে, ধৃত যুৱকজনৰ বিৰুদ্ধে ভৰলু আৰক্ষীয়ে NDPS আইনৰ অধীনত ৰুজু কৰিছে এক গোচৰ।

সম্প্ৰতি ভৰলু আৰক্ষীৰ জিম্মাত থকা যুৱকজনক সোধাপোছা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Back to top button