মহানগৰীৰ ছাৰ্ভেৰ দম্পতী হত্যাকাণ্ডৰে জড়িত তিনিজনক গ্ৰেপ্তাৰ…

মহানগৰীৰ ছাৰ্ভেৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰে জড়িত তিনিজনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষী ক্ৰাইম ব্ৰান্সৰ।

আকাশ নামৰ লোকজনৰ পাছত আৰু দুজনক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে।

মহানগৰীৰ পাথৰকুঁৱৰীৰ পৰা সত্যন্দ্ৰ সিং আৰু বৰবাৰীৰ পৰা পৰেশ চৌধুৰীক গ্ৰেপ্তাৰ।

ঘটনা সন্দৰ্ভত বৰ্তমান ৩ জনক গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আকাশ চৌধুৰী নামৰ এজন লোকক দিনৰ ভাগতে গ্ৰেপ্তাৰ কৰিছিল দিচপুৰ আৰক্ষীয়ে।

উল্লেখ্য যে, শোৱাপাটীতে বৃদ্ধ দম্পত্তীক হত্যা কৰিছিল কোনো দুৰ্বৃত্তই।

ছাৰ্ভেৰ চন্দন নগৰৰ ১ নং ঘৰত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।

দুৰ্বৃত্তই হত্যা কৰা দম্পত্তীটো হৈছে ননী গোপাল বৰুৱা আৰু মীনা বৰুৱা।

Leave a Comment