মহানগৰীত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত! ৯ গৰাকী যুৱতী-মহিলা আৰু ৪ জন যুৱকক গ্ৰেপ্তাৰ…

হত্যা, হিংসাৰ লগতে অসামাজিক কাৰ্যকলাপৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী।

গুৱাহাটী মহানগৰীত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত আৰক্ষীৰ।

হাতীগাঁও থানাই অভিযান চলাই উৎখাত কৰে ঘাটিটো।

হাতীগাঁৱৰ সিজুবাৰীৰ বিষ্ণুজ্যোতি পথৰ গৃহ নম্বৰ ৮ ৰ পৰা হাতীগাঁও থানাই নাৰী দেহ ব্যৱসায়ৰ এটা ঘাটি উৎখাত কৰে।

হাতীগাঁও থানাই এক অভিযান চলাই ১৩ জনীয়া এটা বৃহৎ চক্ৰ উৎখাত কৰে।

দলটোত ৯ গৰাকী যুৱতী-মহিলাৰ সৈতে ৪ জন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি এগৰাকী অধিবক্তাৰ ঘৰত এই নাৰী ব্যৱসায়ৰ ৰমৰমীয়া বেহা চলি আহিছিল।

লগতে চাওকঃ

বিবাহৰ ৫ মাহৰ পিছত পত্নীক প্ৰাক্তন প্ৰেমিকৰ সৈতে বিবাহ কৰাই দিলে স্বামীয়ে!

Leave a Comment