অসমীয়াগুৱাহাটী

মহানগৰীত আন এক লোমহৰ্ষক কাণ্ড! এইবাৰ মছজিদৰ ভিতৰত প্ৰৱেশ কৰি চুৰীকাঘাত সভাপতি-সম্পাদকক…

নিউজ ডেস্কঃ মহানগৰীত সংঘটিত হ’ল আন এক লোমহৰ্ষক কাণ্ড।

এইবাৰ মছজিদৰ ভিতৰত প্ৰৱেশ কৰি মছজিদ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকক আক্ৰমণ দুৰ্বৃত্তৰ।

হাতীগাঁৱৰ অনুপম পথত সংঘটিত হৈছে এই ঘটনা।

মছজিদৰ ভিতৰত প্ৰৱেশ কৰি সভাপতি-সম্পাদকক চুৰীৰে আক্ৰমণ ছামচুল আলম নামৰ এজন যুৱকৰ।

আক্ৰমণ কাণ্ড সংঘটিত কৰিয়েই পলায়ন অভিযুক্তৰ।

ইফালে চুৰীকাঘাতত গুৰুতৰভাৱে আহত মছজিদ পৰিচালনা সমিতিৰ সম্পাদক চৈয়দ তয়াবুৰ ৰহমান।

ততাতৈয়াকৈ এইছ এম হাস্পতালত ভৰ্তি কৰা হৈছে আহত তয়াবুৰ ৰহমানক।

ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে হাতীগাও আৰক্ষীয়ে।

এই আক্ৰমণৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

Back to top button