নিউজ ডেস্কঃ মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনাই শোকস্তব্ধ কৰি ৰাখিছে সকলোকে। সেই ভূমিস্খলনে প্ৰাণ কাঢ়ি নিলে অনেক জনৰ। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জানিবলৈ দিয়া মতে, নোনে জিলাৰ এই ভূমিস্খলনত মৃত্যু ঘটিছে ৮১ জনৰ। এতিয়াও ৫৫ জন সন্ধানহীন হৈ আছে ধ্বংসস্তূপৰ মাজত।
নোনে জিলাৰ টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণস্থলীত সংঘটিত ভূমিস্খলনত প্ৰাণ হেৰুওৱা ২৬ জন জোৱানৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে। বৰ্তমানো দুৰ্যোগ সঁহাৰি বাহিনী আৰু সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ঘটনাস্থলীত।

জানিব পৰা মতে, ভূমিস্খলনত নিহত টেৰিট’ৰিয়েল আৰ্মীৰ জোৱান সকলৰ অধিকাংশই আছিল উত্তৰ বংগ আৰু ছিকিমৰ নিৱাসী। নিহত ৮-৯ জন জোৱান আছিল দাৰ্জিলিং জিলাৰ বাসিন্দা।
মণিপুৰত কৰুণ মৃত্যুক সাৱটি লোৱা জোৱান সকলৰ পৰিয়ালত এতিয়া বিৰাজ কৰিছে দুখৰ ছায়াই। কান্দোনত ভাগি পৰিছে জোৱানৰ পিতৃ-মাতৃ আৰু পত্নী-সন্তান। এনে সময়ত তেওঁলোকক সমবেদনা জ্ঞাপন কৰিবলৈও ভাষাৰ অভাৱ!

ইফালে শ্বহীদ জোৱান সকলৰ নশ্বৰ দেহ আজি অনা হ’ব স্বগৃহলৈ। ১১ গৰাকী জোৱানৰ নশ্বৰ দেহ পশ্চিম বংগত দুখন হেলিকপ্টাৰ যোগে উপস্থিত হোৱাৰ পিছতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব সেনা বিষয়া আৰু প্ৰশাসনিক বিষয়াসকলে।
উল্লেখ্য যে, দাৰ্জিলিঙৰ নিৱাসী ভাৰতীয় টেৰিট’ৰিয়েল আৰ্মীৰ জোৱান সঞ্জয় ওৰাঙৰ মণিপুৰৰ ভূমিস্খলনত মৃত্যু ঘটা বুলি জনোৱা হৈছে পৰিয়ালৰ লোকক। কিন্তু পশ্চিম বংগ চৰকাৰে স্বগৃহলৈ উভতাই অনা শ্বহীদ জোৱানৰ তালিকাত সঞ্জয় ওৰাঙৰ নাম নথকাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

জানিব পৰা মতে, ২০১৭ চনত ভাৰতীয় সেনাবাহিনীত যোগ দিছিল সঞ্জয় ওৰাঙে। টেৰিট’ৰিয়েল আৰ্মীৰ ১০৭ নং বেটেলিয়নত সেৱা আগবঢ়াই আছিল তেওঁ। যোৱা বছৰৰ ডিচেম্বৰ মাহত ঘৰলৈ আহিছিল। তাৰ পিছত এইবাৰ ছেপ্টেম্বৰ মাহত তেওঁ কথা দিছিল ঘৰলৈ অহাৰ। কিন্তু তাৰ পূৰ্বেই মণিপুৰত শ্বহীদ হয় জোৱানগৰাকী।
ইফালে মণিপুৰত শ্বহীদ হোৱা উত্তৰ বংগৰ আন আন জোৱান কেইগৰাকী হৈছে- কাৰ্ছিয়াং মহকুমাৰ ৰোহিনী গাইৰী গাঁৱৰ বাসিন্দা ১৮ ডগৰা বেটেলিয়নৰ হাবিলদাৰ মিলন তামাং, আছলামৰ ৰংবুলাৰ ৰংবুলাইৰ ৰংবুল গোৰ্খা বস্তিৰ বাসিন্দা নাইব সুদেবৰ সীতাৰাম ৰায় আৰু মাৰ্কাছ গুৰুং, এ ৩/১ গ্ৰেনেডিয়াৰ বেটেলিয়নৰ ৰাইফলমেন, চিংমাৰী নবীন গাঁৱৰ বাসিন্দা বিশাল ছেত্ৰী, মুৰ্মা মাৰাধুৰাৰ বাসিন্দা লাদুপ তামাং, ২/১ গ্ৰেনেডিয়াৰ বেটেলিয়নৰ জোৱান নাগ্ৰীছপুৰৰ নাগাৰী চাহ বাগিচাৰ বাসিন্দা শংকৰ ছেত্ৰী, দিবাংকৰ থাপা, বেঞ্জামিন, বিধায় ৰায়, লাদুপ তামাং আৰু ভূপেন ৰায়।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মণিপুৰৰ ঘটনাক লৈ শোক ব্যক্ত কৰি শ্বহীদ জোৱান সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ৰাজ্য চৰকাৰে শ্বহীদ জোৱান সকলৰ পৰিয়াললৈ সকলো সম্ভৱ সহায় আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে মমতা বেনাৰ্জীয়ে।