মণিপুৰত শ্বহীদ অসমৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰী, এৰি থৈ গ’ল কণমানি সন্তানৰ লগতে পত্নী-মাতৃক…

শনিবাৰে মণিপুৰৰ ভাৰত-ম্যানমাৰৰ সীমান্তৱৰ্তী চুৰাচান্দপুৰ জিলাত অসম ৰাইফলছৰ কনভয়ৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা ভয়ংকৰ এম্বুচত কেইবাগৰাকীও জোৱান নিহত হয়।

এই আক্ৰমণত শ্বহীদ হয় অসম বীৰ সন্তান সুমন স্বৰ্গীয়াৰী।

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ ঘৰ বাক্সা জিলাৰ থৈকাৰাকুছিত।

প্ৰায় ৮বঠছৰৰ পূৰ্বে আসাম ৰাইফলছত যোগদান কৰিছিল শ্বহীদ সুমনে।

এই খবৰ পোৱাৰ লগে লগে স্বৰ্গীয়াৰীৰ ঘৰত শোকাকূল পৰিৱেশ।

মৃত্যুৰ সময়ত সুমনে তেওঁ বৃদ্ধা মাতৃৰ লগতে পত্নী আৰু এটি দুবছৰীয়া সন্তানক এৰি থৈ যায়।

সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ পাছতে এতিয়া বাক্সা জিলাৰ সীমামূৰীয়া টিহুৰ থৈকাৰাকুছি কাহিবাৰীৰ ঘৰখনত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

বিষয়া সমন্বিতে সেনাৰ এটা দল স্বৰ্গীয়াৰী বাসগৃহত উপস্থিত হৈ পত্নী পৰিয়ালক সমবেদনা জ্ঞাপন কৰা লগতে আজি দিনৰ ভাগতে যে শ্বহীদ জোৱানগৰাকীৰ নশ্বৰ দেহ গৃহভূমিলৈ অনা হব এই বিষয়ে অৱগত কৰে।

উল্লেখ্য যে, সুমন স্বৰ্গীয়াৰীৰ পিতৃও উগ্ৰপন্থীৰ আক্ৰমণতে মৃত্যু হৈছিল।

২০০৭চনতে সুমন স্বৰ্গীয়াৰীৰ পিতৃ কনক স্বৰ্গীয়াৰীক নিজৰ বাসভৱনতে উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল।

ইয়াৰ পিছত সুমন স্বৰ্গীয়াৰীয়ে ২০১১চনত আছাম ৰাইফলছত যোগদান কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৩৩বছৰ।

কৰ্মত যোগদানৰ পাছত মাত্ৰ ৫বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল বীৰ জোৱানগৰাকীয়ে।

Leave a Comment