মটৰ পৰিবহণ সন্থাৰ সিদ্ধান্তঃ ৫০ শতাংশ বৃদ্ধি পাব বাছৰ ভাৰা…

সদৌ অসম মটৰ পৰিবহণ সন্থাপ সংবাদমেল।

সংবাদমেলত গাড়ীৰ ভাৰা ৫০ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত মটৰ পৰিবহণ সন্থাৰ।

দেওবাৰে তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এক বিশেষ জৰুৰী সভা অনুষ্ঠিত হয়৷

তেজপুৰ মিছন চাৰিআলিস্থিত এঞ্জেল হোটেলত আয়োজিত এই সভাত ৰাজ্যৰ ২১খনৰ জিলাৰ পৰা শতাধিক প্রতিনিধিয়ে অংশগ্রহণ কৰে৷

সভাত বাছ মালিকসকলে আগবঢ়োৱা বক্তব্যত কয় যে ২০১৯ৰ ১৮ অক্টোবৰত ৰাজ্যখনৰ বাছসমূহৰ বাবে ধার্য কৰা ভাৰাৰে এতিয়া বাছ চলোৱা সম্ভৱ নহয়৷

কিয়নো তেতিয়া ডিজেলৰ লিটাৰেপতি আছিল ৬৮ টকা আৰু এতিয়া প্রায় ৯০ টকা৷ ইয়াৰ উপৰি টায়াৰকে ধৰি অন্যান্য বাহন সামগ্রীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি হ’ল৷ এনে পৰিপ্রেক্ষিতত ভাৰাবৃদ্ধি নকৰিলে বাছ সেৱা আৰম্ভ কৰাটো সম্ভৱপৰ নহ’ব৷

সেয়েহে উক্ত সভাত তিনিটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে মটৰ পৰিবহণ সন্থাই।

সিদ্ধান্ত অনুসৰি বেচৰকাৰী বাছসমূহৰ ভাৰা যদিহে চৰকাৰে ৭০ শতাংশ বৃদ্ধি নকৰে তেন্তে সন্থাই নিজাববীয়াকৈ ৫০ শতাংশ ভাৰা বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰিব৷

লকডাউনৰ সময়ছোৱাত বাছ সেৱা বন্ধ হৈ থকা হেতু চৰকাৰী ৰোড টেক্সৰ পৰা ৰেহাই দিয়াৰ দাবীৰ লগতে বীমা কোম্পানীসমূহে বীমাৰ ম্যাদ বৃদ্ধি কৰাৰ দাবী উত্থাপনৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷

লগতে সাংবাদিকৰ আগত সভাপতি ৰাতুল চন্দ্র শর্মাই, চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু মেঘালয় চৰকাৰকে ধৰি আন একাংশ ৰাজ্যৰ চৰকাৰে যদি লকডাউনৰ পৰিপ্রেক্ষিতত বাছৰ ৰোড টেক্স আৰু কৰ-কাটল ৰেহাই দিব পাৰে, তেন্তে অসম চৰকাৰে কিয় নোৱাৰে বুলি প্রশ্ন উত্থাপন কৰে৷

Leave a Comment