মঙলবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা, বিজয়ী প্ৰাৰ্থীয়ে উলিয়াব নোৱাৰিব শোভাযাত্ৰা…

মঙলবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা।
ভোট গণনাৰ বাবে সাজু হৈছে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তত্বাৱধানত পৰিচালিত ৰাজ্যৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়া আৰু ৰিটাৰ্ণিং বিষয়া সমন্বিতে নিৰ্বাচন পৰিচালকমণ্ডলী।
ভাৰতীয় নিৰ্বাচন আয়োগে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি ৫খন নিৰ্বাচনী জিলাৰ জিলা নিৰ্বাচনী বিষয়াসকলে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচন আয়োগে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ সম্পূৰ্ণৰূপে ৰূপায়ন কৰাৰ ব্যৱস্থা কৰা হৈছে।
সেই অনুসৰি- ক’ভিড সম্পৰ্কীয় সকলো নীতি-নিৰ্দেশনা প্ৰতিটো ভোটগণনা কেন্দ্ৰত যাতে সম্পূৰ্ণৰূপে মানি চলা হয় তাৰ বাবে জিলা নিৰ্বাচনী বিষয়াগৰাকী নডেল স্বাস্থ্য বিষয়াগৰাকীৰ সহযোগত ভোট কেন্দ্ৰৰ নডেল বিষয়া হিচাপে থাকিব।
ইয়াৰোপৰি নিৰ্বাচনত বিজয়ীসকলে শোভাযাত্ৰা উলিওৱাৰ ক্ষেত্ৰতো নিৰ্বাচন আয়োগে প্ৰতিবন্ধকতা আৰোপ কৰিছে।
তদুপৰি ৰিটাৰ্ণিং বিষয়াৰ পৰা প্ৰমাণ পত্ৰ ল’বৰ বাবে জয়লাভ কৰা প্ৰাৰ্থী বা তেওঁৰ প্ৰতিনিধিৰ লগত মাত্ৰ দুজন ব্যক্তিহে যাব পাৰিব।
উল্লেখযোগ্য যে, প্ৰতিটো সমষ্টিৰ বাবে গণনা কৰা প্ৰতিটো ৰাউণ্ডৰ ফলাফলসমূহ নিৰ্বাচন আয়োগৰ বেৱছাইট https:/result.eci.gov.in যোগে উপলব্ধ হ’ব।