এক ভয়ংকৰ পথ দুৰ্ঘটনা।
বহু চকীয়া মালবাহী ট্ৰাক আৰু টেম্পোৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাচোৰ ফলত থিতাতে নিহত হয় মাটিৰ চাকি বিক্ৰীকাৰী জয়ন্ত কুমাৰ নামৰ এজনৰ।
দেওবাৰে দুপৰীয়া মঙলদৈ কেৰিমেৰীত এই ভয়াবহ পথ দূৰ্ঘটনাটো সংঘটিত হয়।
আনহাতে গুৰুতৰভাৱে আহত অটো চালক কুসুম ডেকা।
জানিব পৰা মতে, দেওমৰনৈ কুমাৰপাৰাৰ পৰা জয়ন্ত কুমাৰে খাৰুপেটীয়ালৈ কেবা বস্তা মাটিৰ চাকি এখন টেম্পোত লৈ আহিছিল।
কেৰিমেৰীত মাকৈ কঢ়িয়াই অনা ট্ৰাকে অটো খনক খুন্দিওই বাগৰি পৰে ট্ৰাক খন ফলতে মৃত্যু হয় দেওমৰনৈৰ যুৱক জয়ন্ত কুমাৰৰ।
আগন্তুক দেৱালীৰ বাবে মাটিৰ চাকি খাৰুপেটীয়াত বিক্ৰী কৰিব লৈ গৈছিল দেওমৰনৈৰ যুৱকজনে।
আহত কুসম ডেকাক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও অৱস্থা সংকটজনক দেখি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে চিকিৎসকে।









