ভয়ংকৰ পথ দুৰ্ঘটনা! ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক।

চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত তথা আৰ্মি কেম্পৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো।

জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ৪.৩০ বজাত শিলিগুৰিৰ পৰা গুৱাহাটীলৈ বুলি গৈ থকা এইচ আৰ ৫৫ এল ৭৬০২ নম্বৰৰ ১২ চকীয়া এখন গাখীৰ ভৰ্তি ট্ৰাকে ৰাষ্ট্ৰীয় ঘাই পথটোৰ মাজৰ ডিভাইডাৰত খুন্দা মাৰি চাংসাৰি আৰ্মি কেম্পৰ সন্মুখৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত লুটি খাই পৰে।

ফলত চালক গৰাকী সৌভাগ্য ক্ৰমে ৰক্ষা পৰে যদিও ট্ৰাকখনত থকা ২৪ হাজাৰ লিটাৰ গাখীৰ পথৰ ওপৰত পৰি নষ্ট হয়।

১২ চকীয়া ট্ৰাকখন নিয়ন্ত্ৰণত ৰাখিব নোৱাৰাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি চালকে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ঘাই পথটোৰ ওপৰতে গাখীৰভৰ্তি ট্ৰাকখন বাগৰি পৰাৰ ফলত উক্ত পথটো বন্ধ হৈ পৰে।

পিছত চাংসাৰি থানাৰ আৰক্ষীয়ে ট্ৰাকখন উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰি পথটো মুকলি কৰে।

Leave a Comment