ভয়ংকৰ দুৰ্ঘটনা! বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰি পুখুৰীত বাগৰিল বলেৰ’…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰি পুখুৰীত বাগৰিল বলেৰ’ বাহন।

কলগাছিয়াৰ দেউকুৰা গড়কাপ্তানী পথত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনাটো।

উত্তৰ লখিমপুৰৰ পৰা কলগাছিয়া অভিমুখে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনা ঘটাৰ লগে লগে স্থানীয় ৰাইজে তৎপৰতাৰে পানীৰ তলত ডুবি থকা গাড়ীখনৰ গ্লাছ ভাঙি জাভেদ আলী মণ্ডল, হজৰত আলী আৰু ৰোহিত বসুমতাৰী নামৰ তিনিজন লোকক উদ্ধাৰ কৰে।

পৰৱৰ্তী সময়ত তিনিওকে কলগাছিয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ ভিতৰত ইয়াৰে চালক ৰোহিত বসুমতাৰীৰ অৱস্থা সংকট জনক হোৱাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

Hit & Run! আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনে খুন্দিয়ালে দুই যুৱতীক, থিতাতে নিহত ১

Leave a Comment