ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত বাইক আৰোহী…

দৰঙত ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত বাইক আৰোহী।

দৰঙৰ দলগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিহত ব্যক্তিজন দলগাঁও শ্বাহিনগৰৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আমিৰ হুছেইন বুলি জানিব পৰা গৈছে৷

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01LC 3522।

আনহাতে দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ AS 13B 8437।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

Leave a Comment