
নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩੦ মিটাৰ দূৰৈত ছিটিক পৰিল এখন তীব্ৰবেগী টাটা নেক্সন বাহন।
চালকৰ আসনত বহি থকা বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ এই দুৰ্ঘটনাত মৃত্যু ঘটে।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ল শিলচৰ চহৰৰ পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত।
নিহত যুৱকজনৰ নাম অভিষেক দেব বুলি জানিব পৰা গৈছে।

মৃত অভিষেক দেব শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰ আছিল।
শিলচৰৰ পৰা ডলুলৈ যােৱাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়।
স্থানীয় লোকে যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
দুৰ্ঘটনাত পতিত বাহনখনৰ পঞ্জীয়ন নম্বৰ এএছ-১১আৰ-৮৬১৮।
One Comment