ভয়ংকৰ কূটাঘাতৰ আশংকা! বস্তাই বস্তাই উদ্ধাৰ গুলি-বাৰুদ-শক্তিশালী ৰকেট লান্সাৰৰ অৱশিষ্ট…

ভয়ংকৰ কূটাঘাতৰ আশংকা!

বস্তাই বস্তাই উদ্ধাৰ হৈছে গুলি-বাৰুদ-শক্তিশালী ৰকেট লান্সাৰৰ অৱশিষ্ট।

তামুলপুৰৰ দৰঙামেলাৰ পৰা জব্দ কৰা হৈছে গুলি-বাৰুদ-শক্তিশালী ৰকেট লান্সাৰৰ এই অৱশিষ্টখিনি।

ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ পৰা এই বৃহৎ পৰিমাণৰ অৱশিষ্ট উদ্ধাৰ কৰে আৰক্ষীয়ে।

বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ নিৰ্দেশমৰ্মে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথে দৰঙামেলা আৰক্ষীৰ সহযোগত জব্দ কৰে গুলি-বাৰুদৰ অৱশিষ্টখিনি।

আৰক্ষীয়ে জব্দ কৰিছে ১৫১টা টিপিটি, ৮৪ এম এম চেলৰ ৫টা অৱশিষ্ট, বিগ চেল ৩টা, ২০০ কেজি গুলী-বাৰুদৰ অৱশিষ্ট।

দৰঙামেলা এইচ ইছক্ৰেপ ডীলাৰ নামৰ প্ৰতিষ্ঠানটোৰ পৰা জব্দ কৰে এই সমূহ অৱশিষ্ট।

ইতিমধ্যে ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে।

আটক কৰা দুয়োজন লোকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Comment