ভুৱা প্ৰফাইল ফটাে ব্যৱহাৰ কৰি উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰা ফাৰুকক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক। সামাজিক মাধ্যমত ছদ্ম ৰূপ লৈ বিভিন্ন সময়ত অশালীন তথা ৰাষ্ট্ৰ বিৰােধী মন্তব্য কৰে একাংশ অসাধু লােকে।

সময়ে-সময়ে এই বিষয়ে অভিযােগ লাভ কৰি আৰক্ষীয়েও ব্যৱস্থা গ্ৰহণ কৰে সামাজিক মাধ্যমৰ অপব্যৱহাৰ কৰা এনে লােকৰ বিৰুদ্ধে।

এইবাৰ তেনে এক কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযােগত গ্ৰেপ্তাৰ হ’ল হোজাইৰ এজন যুৱক।

জানিব পৰা মতে, হোজাইৰ লংকা থানাৰ অন্তৰ্গত পাঞ্জাবীবস্তিৰ ফাৰুক আহমেদ আনছাৰীয়ে নিজৰ ফেচবুক প্ৰফাইলত অন্য লােকৰ ফটাে ব্যৱহাৰ কৰি উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি আহিছিল।

FArrm-Ju-Vg-AM5ryb

এনে মন্তব্য চকুত পৰিল আৰক্ষীৰ।

ইয়াৰ পাছতে হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তৎপৰতাত যুৱকজনৰ বিৰুদ্ধে হোজাই থানাত ৫৮০/২১ নম্বৰত এক গোচৰ ৰুজু কৰা হয়।

সেই গোচৰৰ ভিত্তিত হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে।

দেশদ্ৰােহিতাৰ গোচৰত বৰ্তমান হোজাইৰ আৰক্ষীৰ জিম্মাত যুৱকজন।

Leave a Comment