ভিজিলেঞ্চৰ জালত এগৰাকী ধনকুবেৰ ACS বিষয়া, সম্পত্তিৰ পৰিমাণ জানিলে চকু কপালত উঠিব আপোনাৰ…

আয়তকৈ অধিক সম্পত্তিৰ বাবে গ্ৰেপ্তাৰ হ’ল এ চি এছ বিষয়া তথা ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমান।

মুখ্যমন্ত্ৰী সতৰ্কতা শাখাই গ্ৰেপ্তাৰ কৰিছে এই চি এছ বিষয়া তথা সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ-সচিব ছাইবুৰ ৰহমানক।

২০০২ চনৰ পৰা ২০২১ চনলৈকে মুখ্যমন্ত্ৰী সতৰ্কতা শাখাই তদন্ত চলাইছিল ছাইবুৰ ৰহমানৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ বিৰুদ্ধে।

saibar rahman 11zon

তদন্তত পোহৰলৈ আহিছিল, ছাইবাৰ ৰহমানৰ সম্পত্তিৰ পৰিমাণ তেওঁৰ আয়তকৈ ৯৫ শতাংশ অধিক।

ৰহমানে ২০০২ চনৰ ৬ জুনৰ পৰা ২০২১ ৰ এপ্ৰিললৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুঠ ৮৯ টা স্থানত ভূমি ক্ৰয় কৰিছিল।

এই সমগ্ৰে ভূমিখিনি তেওঁ নিজৰ নামৰ উপৰিও দুই পত্নীৰ নামত ক্ৰয় কৰিছিল। এই ৮৯ টা স্থানৰ ভূমিৰ বৰ্তমান বজাৰ মূল্য ১০০ কোটিৰো অধিক।

b4d972fd b4d3 4604 b793 9650460f5bbd 11zon

তদন্তত পোহৰলৈ আহিছে চাইবুৰ ৰহমান ৬ কোটি ৩৮ লাখ ১২ হাজাৰ ১৮৮ টকাৰ আয়তকৈ অধিক সম্পত্তিৰগৰাকী।

এই তথ্য পোৱাৰ পাছতে Case no- 01/ 2021/ U/S 420/ 406/ 409 IPC R/W sec 13(1)(b)/ 2(c) গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে এচিএছ বিষয়াজনক।

মুখ্যমন্ত্ৰীৰ সতৰ্কতা শাখাই ছাইবাৰ ৰহমানক মঙ্গলবাৰে এক বিশেষ আদালতত হাজিৰ কৰাই আৰু তেওঁক ৬ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

Leave a Comment