নিউজ ডেস্ক। ৰাজহুৱা খণ্ডৰ বেংকসমূহত ঋণ প্ৰদানৰ নামত দীৰ্ঘদিনৰে পৰা একাংশ লােক দালালৰাজ চলােৱাৰ মাজতে এইবাৰ আৰক্ষীৰ জালত পৰিল এটা প্ৰৱঞ্চক।
ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই প্ৰৱঞ্চকটােৰ নাম হৈছে দেৱজিৎ শৰ্মা।
অভিযােগ অনুসৰি, এই প্ৰৱঞ্চকটােৱে দীৰ্ঘদিন ধৰি চৰকাৰৰ বিভিন্ন বিভাগৰ সহজ ঋণ প্ৰদানৰ আঁচনিৰ উপৰি ঘৰ-গাড়ী, গহনা ক্ৰয়ৰ বাবে ঋণ মঞ্জুৰ কৰাই দিয়াৰ নামত সহজ-সৰল লোকৰ পৰা দীৰ্ঘদিন ধৰি ধন সংগ্ৰহ কৰি আহিছিল।
ডিব্ৰুগড়ৰ উপৰি উজনি অসমৰ তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাত প্ৰৱঞ্চকটােৱে পেলাইছিল বৃহৎ জাল।
সহজ-সৰল খাটিখোৱা গঞাক ঠগ-প্ৰৱঞ্চনাৰে প্ৰায় কোটি টকা সংগ্ৰহ কৰিছিল মৰাণৰ দেৱজিৎ শৰ্মা নামৰ প্ৰৱঞ্চকটোৱে।
কিন্তু প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ব্যৰ্থ হােৱাত ওলাল পৰে প্ৰৱঞ্চকটােৰ প্ৰকৃত স্বৰূপ।
ইয়াৰ পাছতে একাংশ ভুক্তভোগী মহিলাই এই প্ৰৱঞ্চটোৰ বিৰুদ্ধে ডিব্ৰুগড় লাহোৱাল থানাত তৰা গোচৰৰ ভিত্তিত মৰাণহাটৰ পৰা গ্ৰেপ্তাৰ কৰে।
এই সন্দৰ্ভত লাহোৱাল আৰক্ষী থানাত ১৫৩/২১ নং গোচৰ পঞ্জীয়ন কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।









