নিউজ ডেস্ক। আধৰুৱা হৈ ৰ’ল যুগ্ম জীৱনৰ সপােন।
বিয়াৰ মাজত মাত্ৰ এটা মাহ থকাৰ অৱস্থাতে নিয়তিয়ে থানবান কৰিলে সকলাে সপােন।
মন্দিৰলৈ যােৱাৰ পথত এক শােকাৱহ পথ দুৰ্ঘটনাই কাঢ়ি নিলে বাগদত্তাসহ যুৱকৰ প্ৰাণ।
এই মৰ্মান্তিক পথ দুৰ্ঘটনাৰ স্থান যােৰহাট।

জানিব পৰা মতে, মহাশিৱৰাত্ৰি উপলক্ষে মংগলবাৰে বিয়লি দেৰগাঁৱৰ ওচৰৰ বিখ্যাত নেঘেৰিটিং শিৱমন্দিৰলৈ স্কুটিৰে গৈ থকা অৱস্থাত এখন তীব্র বেগী যাত্রীবাহী বাছৰ (এ এছ-০১ ডি ডি-৭৭৭৭) খুন্দাত থিতাতে নিহত হয় স্কুটী (এ এছ-০৩ ইউ-৫২৬০) আৰােহী যুৱক-যুৱতী।
নিহত যুৱক-যুৱতী দুগৰাকী হ’ল ক্ৰমে যোৰহাট বৰখঙীয়া গাঁৱৰ বিপুল বৰাৰ কন্যা স্মৃতিৰেখা বৰা (২৪) আৰু গোলাঘাটৰ কাকডোঙাৰ লুকুমাই গাঁৱৰ ৰণজিৎ বৰাৰ পুত্ৰ ৰক্তিম বৰা (২৮)।

দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ চালক-হেণ্ডিমেনৰ লগতে যাত্ৰীসকল ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
তেওঁলোক দুয়োৰে বিবাহৰ বন্দবস্ত হৈ আছিল আৰু অহা ব’হাগত দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল বুলি জানিব পৰা গৈছে।

দুর্ঘটনাটোত প্ৰাণ হেৰুওৱা স্মৃতিৰেখাই বিগত বৰ্ষত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী গ্ৰহণ কৰি সৰ্বশিক্ষাৰ অধীনত মহবন্ধাৰ এখন বিদ্যালয়ত অবৈতনিকভাৱে শিক্ষকতা কৰি আছিল।

অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীৰ গাঁওখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল।
আনহাতে দুৰ্ঘটনাটোত নিহত ৰক্তিম বৰা পৰিবহণ ব্যৱসায়ৰ সৈতে জড়িত আছিল আৰু কাকডোঙা অঞ্চলৰ এজন সৰবৰহী যুৱক আছিল।
যোৱা মাঘ মাহত দুয়োৰে আঙঠি পিন্ধোৱা সম্পন্ন হৈছিল।

দুৰ্ঘটনাটোৰ পাচত একাংশ উত্তেজিত লোকে বাছখনৰ আইনা আদি ভাঙি চুৰমাৰ কৰে।
অৱশ্যে ঘটনাৰ পাচতে যোৰহাটৰ পৰা যোৱা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
মহাশিৱৰাত্ৰিৰ দিনাই দুগৰাকী যুৱক-যুৱতীৰ এনেদৰে প্ৰাণহানি হোৱাৰ বাতৰি বিয়পি পৰাৰ পাচত যোৰহাট আৰু গোলাঘাটত গভীৰ শোকৰ ছাঁ পৰিছে।
লগতে চাওকঃ
মন্দিৰৰ ভিতৰত পূজা সম্পন্ন কৰিয়েই প্ৰাণত্যাগ পূজাৰীৰ
