fbpx
অসমীয়াঅসমখেল

বিশ্বাস! এইবাৰ IPLৰ কোনোবা এখন খেলৰ কোনোবা এটা অভাৰত ৪টা ছিক্স কোবাব ৰিয়ান পৰাগে…

নিউজ ডেস্কঃ আৰু মাত্ৰ ৬ দিন পিছতে অনুষ্ঠিত হ’ব ভাৰতীয় ক্ৰিকেটৰ মহাৰণ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আইপিএল ২০২৩।

বিশ্বৰ নামী-দামী তাৰকা ক্ৰিকেটাৰৰ সমাহেৰেৰে অনুষ্ঠিত হ’বলগীয়া এই ক্ৰিকেট উৎসৱৰ দুখন খেল অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামতো।

আনহাতে বিগত বছৰৰ দৰেই এইবাৰো আইপিএলৰ দল ৰাজস্থান ৰয়েলছত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে।

এগৰাকী বেটছমেন আৰু স্পিনাৰ ৰিয়ান পৰাগে শেহতীয়াকৈ ৰঞ্জী ট্ৰফীত দেখুৱাইছে তেওঁৰ অভিনৱ প্ৰদৰ্শন।

image 21

ৰঞ্জী ট্ৰফীত তেওঁৰ ফৰ্মক লৈ আত্মবিশ্বাসী হৈ থকা ৰিয়ান পৰাগৰ এটা টুইটক লৈ এতিয়া চলিছে চৰ্চা।

এই টুইটটোত ৰিয়ানে লিখিছে যে তেওঁৰ অন্তৰ আত্মাই বাৰে বাৰে কৈ আছে যে এইবাৰ তেওঁ আইপিএলৰ কোনোবা এখন খেলৰ কোনোবা এটা অভাৰত ৪টা ছিক্স কোবাবলৈ সক্ষম হ’ব।

যদিও বিগত আইপিএল ছিজনত ৰিয়ান পৰাগে খেলৰ সুযোগ লাভ কৰিও বিশেষ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই, তথাপিও তেওঁৰ বাউণ্ডেৰী হিটিং ক্লাছক লৈ যথেষ্ট চৰ্চা চলি আহিছে।

image 22

ৰিয়ানে খেলা আইপিএলৰ সৰ্বমুঠ ৪৭ খন খেলত সংগ্ৰহ কৰিছে মুঠ ৫২২ ৰান। ইয়াৰ ভিতৰত আছে দুটা অৰ্ধশতক।

২০২২ৰ আইপিএলত আৰচিবিৰ বিৰুদ্ধে ৫৬ ৰানৰ দৰ্শনীয় ইনিংছ খেলি ৰিয়ান পৰাগে প্ৰমাণ কৰি দিছিল যে তেওঁ কিয় বাৰে বাৰে খেলৰ সুযোগ পাই আহিছে।

তাৰ পূৰ্বৰ ৰিয়ানৰ অৰ্ধশতকটো আহিছিল ২০২০ চনত।

image 23

ৰঞ্জী ট্ৰফীৰ অনন্য প্ৰদৰ্শনৰ পিছত আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থকা ৰিয়ান পৰাগৰ অন্তৰাত্মাই কোৱাৰ দৰেই যেন এইবাৰ আইপিএলত তেওঁ অভিনৱ প্ৰদৰ্শন কৰিব পাৰে, তাৰ বাবে আশাবাদী হৈ আছে তেওঁৰ অনুৰাগীসকল।

উল্লেখ্য যে, অহা ২০ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া আইপিএল-২০২৩ত ২ এপ্ৰিলত চানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলত নামিব ৰাজস্থান ৰয়েলছ।

Related Articles

Back to top button