বিশ্ববিদ্যালয়ত চাকৰিৰ নামত দিলে ধন, পালে ভুৱা নিযুক্তি পত্ৰ!

নিউজ ডেস্ক। ৰাজ্যত শিক্ষিত নিবনুৱাসকলক চাকৰিৰ নামৰ নিতৌ প্ৰৱঞ্চনা কৰিছে দুষ্ট চক্ৰই।

বিশেষকৈ চৰকাৰী চাকৰিৰ নামত নিতৌ প্ৰৱঞ্চনাৰ বলি হৈ সৰ্বাস্বান্ত হৈছে বহু নিবনুৱা যুৱক-যুৱতী।

শেহতীয়াকৈ অসম আৰক্ষীৰ ভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰি কামৰূপ জিলাৰ ছয়গাঁৱত দুজনকৈ লােক গ্ৰেপ্তাৰ হােৱাৰ পিছতে এইবাৰ তেজপুৰ বিশ্ববিদ্যালয়ত চাকৰিৰ নামৰ বহু লােক প্ৰৱঞ্চিত হােৱাৰ খবৰ পােৱা গৈছে।

জানিব পৰা মতে, শােণিতপুৰ জিলাৰ বেবেজিয়াত ধন লৈ দুজন যুৱকক তেজপুৰ বিশ্ববিদ্যালয়ৰ ভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰিলে এটা প্ৰৱঞ্চক চক্ৰই।

শেষত এই কথাৰ উমান পাই ভুক্তভোগী যুৱকজনে ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ।

যুৱকজনে অভিযােগ কৰা অনুসৰি, দুই পুৰুষ-মহিলাই তেজপুৰ বিশ্ববিদ্যালয়ত চাকৰি দিয়াৰ প্ৰলোভনেৰে যুৱকজনৰ পৰা দুই লাখৰো অধিক টকা লৈ ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰিছিল।

এতিয়া টকাখিনি ঘূৰাই বিচৰাৰ লগতে প্ৰৱঞ্চকৰ শাস্তি বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভােগী যুৱকজন।

Leave a Comment