বিশ্বনাথত উদ্ধাৰ নিমাতীঘাটত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বেগ…

নিমাতীঘাটত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাৰ ফলত এতিয়াও সন্ধানহীন হৈ আছে দুগৰাকী লোক।

এতিয়াও সন্ধানহীন লখিমপুৰৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰা আৰু চিকিৎসক বিক্ৰমজিৎ বৰুৱা।

পত্নী ৰূপৰেখা সেনাপতি বৰাক উদ্ধাৰ কৰি আন যাত্ৰীক জীৱন ৰক্ষা কৰিবলৈ গৈ এতিয়াও সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা।

ইয়াৰ মাজতে শনিবাৰে বিশ্বনাথৰ ছোৱাগুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হৈছে এখন বেগ।

ছোৱাগুৰী ১ নং মাথাউৰিত নুৰ মহম্মদ আৰু ছাহজাহান আলিৰ তৎপৰতাত ব্ৰহ্মপুত্ৰ বুকুৰ পৰা এখন নথি পত্ৰ ভৰ্তি এটা বেগ উদ্ধাৰ হয়।

বেগখনত উদ্ধাৰ হোৱা তথ্য পাতিৰ ওপৰত ভিত্তি কৰি বেগখন সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰাৰ বুলি জানিব পৰা গৈছে।

কাৰণ উদ্ধাৰ হোৱা নথিপত্ৰ সমূহ লক্ষীমপুৰৰ কান্দুৰা পথাৰৰ ৰূপৰেখা বৰা অৰ্থাৎ ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীৰ।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Leave a Comment