অসম
বিশেষ প্ৰশিক্ষণৰ বাবে মুম্বাইলৈ ৰাওনা অসম বিজেপিৰ সকলো মন্ত্ৰী-বিধায়ক…

৩ দিনৰ খালী হ’ব দিছপুৰ, নাথাকিব মন্ত্ৰী বিধায়ক।
বিশেষ প্ৰশিক্ষণৰ বাবে মুম্বাইলৈ ৰাওনা অসমৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক।
মুম্বাইত বিজেপি মন্ত্ৰী বিধায়কৰ হ’ব বিশেষ প্ৰশিক্ষণ।
ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ সৈতে বিজেপিৰ সকলো মন্ত্ৰী-বিধায়কৰ হ’ব বিশেষ প্ৰশিক্ষণ।
ইতিমধ্যে বুধবাৰেই মুম্বাইলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযূষ হাজৰিকা।
বৃহস্পতিবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা মুম্বাইলৈ ৰাওনা হ’ল বিজেপিৰ সকলো মন্ত্ৰী-বিধায়ক।
১২ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ মুম্বাইত প্ৰশিক্ষণ দিয়া হ’ব সকলোকে।
এই প্ৰশিক্ষণত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে সকলো মন্ত্ৰী-বিধায়ক উপস্থিত থাকিব।