বিভাগীয় শাৰীৰিক পৰীক্ষাত অংশগ্ৰহণ কৰি মৃত্যু বন বিভাগৰ এজন কৰ্মচাৰীৰ…

বিভাগীয় শাৰীৰিক পৰীক্ষাত অংশগ্ৰহণ কৰি মৃত্যু বন বিভাগৰ এজন কৰ্মচাৰীৰ।

এনচি হিলছ স্বায়ত্তশাসিত পৰিষদৰ অধীনত কৰ্মৰত বন বিভাগৰ বিগেশ থাওচেন নামৰ এগৰাকী কৰ্মচাৰীৰ বিভাগীয় শাৰীৰিক পৰীক্ষাত অংশগ্ৰহণ কৰি মৃত্যু হয়।

মৃত থাওচেনৰ বয়স ৩৮ বছৰ। তেওঁৰ ঘৰ আছিল হাফলং ডিগ্ৰিকত।

বিভাগীয় শাৰীৰিক পৰীক্ষা অনুসৰি স্বায়ত্তশাসিত পৰিষদৰ ৰোটাৰীৰ পৰা আব্ৰহাম ভিউ পইণ্ট জাতিঙ্গালৈ ৭ কিলোমিটাৰ খোজ কাঢ়িব লগা আছিল কৰ্মচাৰী গৰাকীয়ে।

ৰাতিপুৱা প্ৰায় ৬.৩০ বজাত আৰম্ভণি হৈছিল পৰীক্ষাৰ।

জাটিঙ্গালৈ যোৱাৰ পথত ওল্ড পেট্ৰ’ল পাম্প হাফলঙৰ ওচৰৰ সামান্য ওপৰলৈ গৈ তেওঁ অসুস্থ হৈ পৰে আৰু কিছু সময়ৰ পাছত মৃত্যু হয় কৰ্মচাৰী গৰাকীৰ।

মৃত্যুৰ পাছতেই তেওঁক মৰণোত্তৰ পৰীক্ষাৰ বাবে পৰিয়ালৰ সদস্য আৰু কৰ্মচাৰীসকলে হাফলং অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

উল্লেখ্য যে, বনবিভাগত কৰ্মৰত কৰ্মচাৰীক শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ নহ’লে ভি.আৰ.এছ. লোৱাৰ সতৰ্কবাণী দিয়া হৈছে।

সেয়ে সকলো পৰ্যায়ৰ কৰ্মচাৰীৰ পৰা বিষয়ালৈকে সকলোৱে পৰীক্ষাত যোগদান কৰিবলৈ বাধ্য হয়।

Leave a Comment