বিবাহৰ ক্ষেত্ৰত মই ভাগ্যৱান নহয়! দ্বিতীয়বাৰ বিবাহ বিচ্ছেদ ঘটিল সৰু পৰ্দাৰ ‘শ্ৰীকৃষ্ণ’ৰ

নিউজ ডেস্ক। দ্বিতীয়বাৰ বিবাহ বিচ্ছেদৰ বাবে আগবাঢ়িছে মহাভাৰতৰ “শ্ৰীকৃষ্ণ”ই!

দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰ্মিক চিৰিয়েল “মহাভাৰত”ত ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে পৰিচিতি হৈ পৰা অভিনেতা নীতিশ ভৰদ্বাজে সিদ্ধান্ত লৈছে বিবাহ বিচ্ছেদৰ।

ইতিমধ্যে পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে অভিনেতাজনে দাখিল কৰা আবেদনৰ শুনানি চলি আছে।

FJXvc2-Va-UAA0l9-F

উল্লেখ্য যে, ১৯৯১ চনত প্ৰথমবাৰ বিবাহপাশত আৱদ্ধ হৈছিল নীতিশ ভৰদ্বাজ। তেওঁৰ প্ৰথমা পত্নীৰ নাম মনীষা পাটিল। কিন্তু ২০০৫ চনত মনীষাৰ সৈতে বিবাহ বিচ্ছেদ কৰে অভিনেতা নীতিশ ভৰদ্বাজে। প্ৰথমা পত্নীৰ ফালৰ পৰা তেওঁৰ আছে দুটি সন্তান।

আনহাতে প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত ২০০৯ চনত পেছাত আইএএছ বিষয়া স্মিতা গেটৰ সৈতে দ্বিতীয়বাৰ বিবাহত বহে নীতিশ।

02-2

কিন্তু সুদীৰ্ঘ ১২ বছৰৰ পিছত এইবাৰো তেওঁ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লয়। ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকে বিবাহ বিচ্ছেদৰ বাবে মুম্বাইৰ এখন পাৰিবাৰিক আদালতত আবেদন জনায়।

বৰ্তমান দুই যমজ পত্নীৰ সৈতে মধ্য প্ৰদেশৰ ইন্দোৰত পৃথকে বাস কৰে নীতিশ ভৰদ্বাজৰ দ্বিতীয় পত্নী স্মিতাই।

01-2

নিজৰ বিবাহ বিচ্ছেদ সন্দৰ্ভত ৫৮ বছৰীয়া অভিনেতাগৰাকীয়ে কিছুদিন পূৰ্বে এটা ব্যক্তিগত টিভি চেনেলত দিয়া সাক্ষাৎকাৰত কয়, “হয়, মই বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিলো৷ কিহৰ বাবে আমাৰ বিচ্ছেদ ঘটিছে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি মই বেছি গভীৰতালৈ যাব নিবিচাৰো। বিষয়টো বৰ্তমান আদালতত আছে। মই কেৱল এয়াই ক’ব পাৰোঁ যে কেতিয়াবা বিবাহ বিচ্ছেদ মৃত্যুতকৈও বেছি বেদনাদায়ক হ’ব পাৰে। বিশেষকৈ যেতিয়া আপুনি একাকীত্বৰ সৈতে জীয়াই থাকে। মই বিবাহক বিশ্বাস কৰোঁ, কিন্তু বিবাহৰ ক্ষেত্ৰত মই ভাগ্যৱান নহয়।”

9-2

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে পুনৰ কয়, “বিবাহ ভংগ হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। কেতিয়াবা জেদী মনোভাৱ, কেতিয়াবা সহানুভূতিৰ অভাৱৰ ফলত হয় বা অহংকাৰৰ ফলতো হ’ব পাৰে আৰু সদায় যিয়ে নিজৰ বিষয়ে চিন্তা কৰে তেতিয়াও বিবাহ বিচ্ছেদ ঘটিব পাৰে। এটা পৰিয়াল ভাঙি যোৱাৰ ফলত সন্তানৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। সেয়েহে তেওঁলোকৰ সিদ্ধান্তই সন্তানৰ ওপৰত যাতে বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে আৰু সন্তানৰ ক্ষতি নকৰে সেয়া নিশ্চিত কৰাটো অভিভাৱকৰ দায়িত্ব। মই স্মিতাৰ সৈতে কেইবাবাৰো কথা পাতিবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁ মোৰ কথাৰ কোনো সঁহাৰি দিয়া নাছিল।সময়ে হয়তো আমাক পৃথক হোৱাটো বিচাৰিছে। সেয়ে পৃথক হোৱাটোৱেই উচিত হ’ব।”

উল্লেখযোগ্য যে, ১৯৮৮ চনত দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হোৱা বিআৰ চোপ্ৰাৰ “মহাভাৰত”ত ভগৱান কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰি নিশাৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল নীতিশ ভৰদ্বাজ। মাত্ৰ ২৩ বছৰ বয়সতে তেওঁ এই চৰিত্ৰত অভিনয় কৰি প্ৰতিজন ভাৰতীয়ৰ বুকুত ঠাই দখল কৰিবলৈ সক্ষম হৈছিল।

পৰৱৰ্তী সময়ত ২০০০ চনত বিআৰ চোপ্ৰাৰ “বিষ্ণু পুৰাণ”ত ভগবান বিষ্ণুৰ চৰিত্ৰত আৰু তাৰ পিছৰ বছৰ অৰ্থাৎ ২০০১ চনত “ৰামায়ণ” ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিও সমাদৰ বুটলিবলৈ সক্ষম হৈছিল নীতিশ ভৰদ্বাজে।

লগতে চাওকঃ

প্ৰেমিকক বিচাৰি অবৈধভাৱে কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ প্ৰেয়সীৰ, তাৰ পাছত…

G3

Leave a Comment