নিউজ ডেস্ক। ডিব্ৰুগড়ৰ পশুপ্ৰেমী যুৱক বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাই জােকাৰি গৈছে সমগ্ৰ ৰাজ্য।
এদল মাফিয়া প্ৰকৃতিৰ লােকৰ শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হৈ চৰম পথ বাছি ল’লে উদীয়মান যুৱক বিনীতে।

বিনীতৰ অকাল মৃত্যুৰ প্ৰতিবাদত সৰৱ হৈ পৰিল বৃহত্তৰ ডিব্ৰুগড়বাসী। ইয়াৰ পিছতে স্থানীয় লােকৰ তীব্ৰ প্ৰতিবাদত সেও মানি সক্ৰিয় হ’ল আৰক্ষী-প্ৰশাসন।

ইতিমধ্যে ঘটনা সংক্ৰান্তত ৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। এতিয়াও পলাতক অৱস্থাত আছে ঘটনাৰ অন্য অভিযুক্তসকল।

ইপিনে, মংগলবাৰে পুৱাৰে পৰা ডিব্ৰুগড় আৰক্ষীয়ে এই ঘটনাৰ মূল অভিযুক্ত দ্বয় ক্ৰমে বৈদুল্লা খান আৰু চামচুল্লা খানৰ ঘৰত চলাইছে বুলড’জাৰ।

বুলড’জাৰ চলাই বৈদুল্লা খান-চামচুল্লা খানৰ পকী ঘৰ ভাঙিলে আৰক্ষীয়ে।
উল্লেখ্য যে আৰক্ষীৰ জিম্মাত আছে মূল অভিযুক্ত বৈদুল্লা খান।
ইতিপূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিনীত বাগাৰিয়াৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰি আৰক্ষী-প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ বাবে এই ঘটনা প্ৰতিৰােধ কৰা সম্ভৱ নহ’ল বুলি স্বীকাৰ কৰিছে।
ইপিনে, অসমৰ আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সােমবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ অসমত ‘বাহুবলি’ অপসংস্কৃতি নচলিব বুলি হুংকাৰ দিয়ে।
তেওঁ ৰাইজক এনে যিকােনাে ‘বাহুবলি’ৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায়।
লগতে চাওকঃ
শােকাৱহ! কৰ্মসংস্থাপনৰ বাবে নতুন দিল্লীলৈ যােৱা অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু…











1 thought on “বিনীত বাগাৰীয়াৰ আত্মহত্যাঃ দুই অভিযুক্তৰ ঘৰত চলিল প্ৰশাসনৰ বুলড’জাৰ”
Comments are closed.