বিজেপিৰ হাতত দেশ সুৰক্ষিত নহয়, বিজেপিয়ে দেশক দেউলীয়া কৰিছেঃ অখিল গগৈ…

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত বিধায়ক অখিল গগৈৰ সংবাদমেল।

৬ লাখ কোটি টকা আহৰণৰ বাবে সম্পদ বিক্ৰী কৰাত লাগিছে মোদী চৰকাৰ।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভতো প্ৰতিক্ৰিয়া অখিল গগৈৰ। প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবী গগৈৰ।

এই প্ৰকল্পই অসমৰ মানুহক বিপদত পেলাব। মোক জে’লত ৰাখি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিলে বুলিও মন্তব্য অখিল গগৈৰ।

বিজেপি-আৰএছএছেয়ে দেউলীয়া কৰিছে দেশ।

৯০খন যাত্ৰী, ১৫খন ৰে’ল ষ্টেডিয়াম, ৭৪১ ৰে’ল পৰিসৰ বিক্ৰীৰ চেষ্টা কৰিছে চৰকাৰে।

বিজেপি চৰকাৰৰ দিনত দেশ অৰ্থনৈতিকভাৱে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে৷

আনহাতে সংবাদমেল অখিলে কয়, বিজেপিৰ ৩টা মহা অভিশাপ– বিমুদ্ৰাকৰণ, জি এছ টি আৰু অপৰিকল্পিত লকডাউন।

লগতে, বিজেপিৰ হাতত দেশ কোনো কাৰণতে সুৰক্ষিত নহয় দেশ বুলিও মন্তব্য কৰে তেওঁ।

বিজেপিয়ে দেশক দেউলীয়া কৰা বুলি মন্তব্য কৰি গগৈয়ে কয়- দেশ দেউলীয়া হোৱাৰ কাৰণে সম্পূৰ্ণৰূপে জগৰীয়া নৰেন্দ্ৰ মোদী।

নৰেন্দ্ৰ মোদীৰ শাসনত দেশত আটাইতকৈ বেয়া দিন আহিল বুলিও অভিযোগ কৰে অখিলে৷

বিজেপিয়ে ভাৰতৰ বিক্ৰীৰ পৰিকল্পনা কৰাৰ অভিযোগ।

আনহাতে বিদ্যালয় ধ্বংস কৰাৰ মূল মানুহজন হ’ল হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰে অখিলে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে, তেখেতে লাজ পোৱা উচিত। মুখ্যমন্ত্ৰীৰ হাতৰ পুতলা অসম আৰক্ষী।

উপ নিৰ্বাচনত বিৰোধী শক্তিক একত্ৰিত হোৱাৰ আহ্বান অখিল গগৈৰ।

Leave a Comment