বিজেপিৰ কেবিনেট মন্ত্ৰী আৰু বিধায়ক পুত্ৰৰ দলত্যাগ, কংগ্ৰেছত যোগদান

নিউজ ডেস্ক। বিজেপি শাসিত এখন ৰাজ্যত সংঘটিত হৈছে এক অভাৱনীয় ৰাজনৈতিক ঘটনা।

শাসনাধিষ্ঠিত দলৰ এজন কেবিনেট মন্ত্ৰী তথা বিধায়ক পুত্ৰই দলত্যাগ কৰি যােগদান কৰে বিৰােধী কংগ্ৰেছ দলত।

এই ঘটনা উত্তৰাখণ্ডৰ।

উত্তৰাখণ্ড চৰকাৰৰ কেবিনেট মন্ত্ৰী যশপাল আৰ্য আৰু বিধায়ক সঞ্জীৱ আৰ্যই বিজেপিৰ দমন ত্যাগ কৰি হাত ধৰিছে কংগ্ৰেছৰ।

যশপাল আৰ্য বৰ্তমান উত্তৰাখণ্ড চৰকাৰৰ এজন মন্ত্ৰী। তেওঁ ছয়টা দপ্তৰৰ মন্ত্ৰী আছিল।

সেইসমূহ ক্ৰমে, পৰিবহন, সমাজ কল্যাণ, সংখ্যালঘু কল্যাণ, ছাত্ৰ কল্যাণ, নিৰ্বাচন আৰু আবকাৰী বিভাগ।

আনহাতে. সঞ্জীৱ আৰ্য তেওঁৰ পুত্ৰ। যশপাল আৰ্য বাজপুৰ আৰু তেওঁৰ পুত্ৰ সঞ্জীৱ আৰ্য নাইনিতাল সমষ্টিৰ বিধায়ক।

অৱশ্যে যশপাল আৰু সঞ্জীৱ আৰ্য পূৰ্বতে কংগ্ৰেছী আছিল। কিন্তু কংগ্ৰেছলৈ তেওঁলোক পুনৰ উভতি যোৱাটোৱে প্ৰশ্ন উত্থাপন কৰিছে যে এইটো বিজেপিৰ বাবে এক বিফলতা।

বৰ্তমান ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈ পৰিছে।

অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে যশপাল আৰ্য আৰু সঞ্জীৱ আৰ্যক আদৰণি জনায় কয় যে এইয়া তেওঁলোক স্বগৃহলৈ উভতি অহা।

আনহাতে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে যশপাল আৰ্যৰ প্ৰস্থান সন্দৰ্ভত কয় যে, “আমি সকলো লোককে সন্মান কৰো। আমি পৰিয়াল হিচাপে ভাবো। আমি ৰাষ্ট্ৰ প্ৰথম, সংগঠন দ্বিতীয় আৰু ব্যক্তিৰ নীতিক তৃতীয় স্থান দিওঁ। কাৰোবাৰ ইয়াত সমস্যা হ’ব পাৰে আৰু ব্যক্তিগত স্বাৰ্থৰ বাবে যাব পাৰে। যোৱাজনক কোনে বাধা দিব, তেওঁক বাধা দিবলৈ কোনো নাই।”

উল্লেখনীয় যে প্ৰবীণ বিধায়ক যশপাল আৰ্যই যোৱা জুলাই মাহত পুষ্কৰ সিং ধামীৰ চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

Leave a Comment