নিউজ ডেস্ক। সামাজিক মাধ্যমত আলফা (স্বাধীন)ৰ সমৰ্থনত মন্তব্য ৰাখি বিপদত পৰিল এগৰাকী প্ৰতিভাৱান বক্সাৰ।
এই সংক্ৰান্তত গােচৰ ৰুজু কৰি বক্সাৰগৰাকীক আটক আৰক্ষীয়।
এই ঘটনাৰ স্থান ডিব্ৰুগড় জিলাৰ মৰাণ।

২৩ বছৰীয়া এই বক্সাৰগৰাকী মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া গাঁৱৰ পদ্ম চুতীয়াৰ কন্যা মাইনা চুতীয়া ওৰফে প্ৰণিতা বৰুৱা বুলি জানিব পৰা গৈছে।
শুকুৰবাৰে চৰাইদেউ জিলাৰ আৰক্ষীয়ে মৰাণহাট আৰক্ষীৰ সহযোগত আটক কৰে মাইনাক।

উল্লেখ্য যে কিছুদিন পূৰ্বে ফেচবুকত প্ৰকাশ পােৱা এক বাতৰিত আপত্তিজনক মন্তব্য কৰিছিল মাইনাই।
যুৱতীগৰাকীয়ে ‘আলফাৰ লিংক পালে ময়ো যাম, আই লাভ আলফা’ বুলি ফেচবুকত কমেন্ট কৰিছিল।
উক্ত মন্তব্যৰ বাবেই মাইনাৰ বিৰুদ্ধে মৰাণহাট আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়।
সম্প্ৰতি মাইনা চুতীয়াক জেৰা চলাইছে আৰক্ষীয়ে।
উল্লেখ্য যে চলিত বছৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক যুৱক-যুৱতীয়ে সামাজিক মাধ্যমৰ জৰিয়তে আলফা (স্বাধীন)ৰ যােগসূত্ৰ বিচাৰি সংগঠনটােত যােগদানৰ বাবে ম্যানমাৰত উপস্থিত হৈছিল।
1 thought on “সামাজিক মাধ্যমত ‘আলফা’ক মুকলি সমৰ্থন জনাই আৰক্ষীৰ বিপদত পৰিল প্ৰতিভাৱান বক্সাৰ”
Comments are closed.