আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিলে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
ৰাষ্ট্ৰীয় উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ এই অনুষ্ঠানত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষ।
Momentous occasion for @assamforest & Assam’s rich tourism platform as we open the majestic @kaziranga_ today for nature lovers & tourists for the year 2021-22.
— Parimal Suklabaidya (@ParimalSuklaba1) October 1, 2021
My Hon’ble Cabinet Colleague Shri @ATULBORA2,senior forest officials & other dignitaries joined today’s occasion. pic.twitter.com/d4JlMY1OJY
অৱশ্যে এতিয়াও ৰাষ্ট্ৰীয় উদ্যানখন সম্পূৰ্ণ ৰূপে পৰ্যটকৰ বাবে মুকলি কৰা হোৱা নাই।
মাত্ৰ তিনিটা ৰেঞ্জ হে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।
পৰ্যটকসকলে বৰ্তমান উদ্যানখনত জিপ চাফাৰিহে কৰিব পাৰিব।
আনহাতে মানস ৰাষ্ট্ৰীয় উদ্যানখনো পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।









