নিউজ ডেস্কঃ বিশালকায় পৰ্বতৰ বুকুত ৰামভক্ত হনুমানৰ প্ৰতিচ্ছবি।
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শ্বেয়াৰ কৰিলে প্ৰাকৃতিকভাৱে পাহাৰৰ বিশাল শিলাখণ্ডই ধাৰণ কৰা হনুমানৰ প্ৰতিকৃতি।
মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উল্লেখ কৰা মতে, লামাং সীমান্তলৈ যোৱাৰ পথত তেওঁ প্ৰত্যক্ষ কৰে এই দৃশ্য।
এখন পাহাৰৰ এটা প্ৰকাণ্ড শিলত যেন খোদিত হৈ আছে ভগৱান হনুমানৰ অবয়ব।
পেমা খাণ্ডুৱে এই দৃশ্য শ্বেয়াৰ কৰি টুইটাৰত লিখিছে- ‘বিশাল পাহাৰত ভগৱান হনুমানৰ অৱয়বৰ ঐশ্বৰিক দৃশ্য প্ৰত্যক্ষ কৰি মই ধন্য অনুভৱ কৰিছো।’
ভগৱান হনুমানে যাতে সকলোকে সুস্বাস্থ্য, প্ৰগতি আৰু সমৃদ্ধি প্ৰদান কৰে তাৰো কামনা কৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।
মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা এই ফটোখনে এতিয়া সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে।
नासै रोग हरे सब पीड़ा
— Pema Khandu པདྨ་མཁའ་འགྲོ་། (@PemaKhanduBJP) April 8, 2023
जपत निरंतर हनुमत बीड़ा…
A magnificent sight to see giant rock structure in the hills that resembles Lord Hanuman.
A divine, blessed feeling at my stopover at Hanuman Camp on my way to Lamang border outpost.
May Lord Hanuman bless us with good health,… pic.twitter.com/H6Lj81JKQX