নিউজ ডেস্ক। ছিক্কিমত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ নামেৰে নামাকৰণ হৈ থকা এটা পথ এতিয়াৰে পৰা পৰিচিত হব বর্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে।
মঙ্গলবাৰে “নৰেন্দ্ৰ মোদী মাৰ্গ” নামেৰে নামাকৰণ কৰা গেংটকৰ সৈতে টিচমগো হ্ৰদ আৰু নাথুলা সীমান্তক সংযোগ কৰা দুই লেনযুক্ত পথটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কৰে ৰাজ্যপাল গংগা প্ৰসাদে।
উল্লেখ্য যে ৫১ কিয়ংগাচলা গ্ৰাম পঞ্চায়ত গোটৰ (জিপিইউ) ১৯.৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈকল্পিক দ্বৈত-লেন পথটো পূৰ্বে পৰিচিত আছিল জৱাহৰলাল নেহৰু পথ হিচাপে।
ৰাজ্যিক বিজেপিৰ সভাপতি ডি বি চৌহানে টুইটাৰত মঙলবাৰৰ উদ্বোধনৰ ফটো শ্বেয়াৰ কৰি কয়, “কিয়ংনোছলা জিপিইউত নৰেন্দ্ৰ মোদী মাৰ্গ উদ্বোধনী অনুষ্ঠানত মাননীয় ৰাজপাল গংগা প্ৰসাদ জীৰ সৈতে যোগদান কৰি আনন্দিত হৈছো।”
৫১ কিয়ংগাছালা জিপিইউৰ পঞ্চায়ত প্ৰধান আই কে ৰাচাইলীয়ে কয় যে ২০ ডিচেম্বৰত গ্ৰাম সভাত সৰ্ব সন্মতিক্ৰমে গৃহীত হোৱাৰ পিছত পথটোৰ নাম প্ৰধানমন্ত্ৰীৰ নামেৰে ৰখা হয়।
উল্লেখ্য যে, সীমান্ত পথ সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰা এই পথৰ ফলত গেংটক আৰু টিচমগো লেকৰ মাজৰ দূৰত্ব ১৫ কিলোমিটাৰ হ্ৰাস পাইছে।
কোভিড-১৯ মহামাৰীৰ মাজত বিনামূলীয়া ভেকছিন আৰু ৰেচন উপলব্ধ কৰা প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন স্বৰূপে পথটোৰ নাম নৰেন্দ্ৰ মোদী মাৰ্গ ৰখা হৈছে বুলি মন্তব্য কৰে ৰাচাইলীয়ে।