নিউজ ডেস্ক। এখন শুভ্ৰ বগা চাদৰ গাত মেৰিয়াই স্বৰ্গৰ ৰূপ ধাৰণ কৰা ছিকিমলৈ নৱবৰ্ষ আৰু খ্ৰীষ্টমাছ উদযাপনৰ বাবে সোঁত বৈছে হাজাৰ হাজাৰ পৰ্যটকৰ।
কিন্তু শনিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰচণ্ড তুষাৰপাত এতিয়া ছিকিম ভ্ৰমণৰ বাবে যোৱা পৰ্যটকৰ বাবে শংকাৰ কাৰণ হৈ পৰিছে।

ছিকিমৰ নাথুলাত প্ৰচণ্ড তুষাৰপাতৰ বাবে আবদ্ধ হৈ পৰিছে হাজাৰোধিক দেশ-বিদেশৰ পৰ্যটক।
বাতৰি অনুসৰি, নাথুলা পাছৰ ওচৰত ভাৰতীয় সেনাই ১০২৭ গৰাকী পৰ্যটকক তুষাৰপাতৰ বাবে আশ্ৰয় প্ৰদান কৰে।
আৱদ্ধ পৰ্যটকসকলক খাদ্য আৰু চিকিৎসাৰেও সহায় আগবঢ়ায় সেনাই।
#WeCare#ReliefandRescueOperations
— EasternCommand_IA (@easterncomd) December 26, 2021
#IndianArmy assisted 1027 tourists stranded in heavy snowfall in Nathu La area, East Sikkim. Tourists were provided shelters, warm clothing, medical aid and hot meals.#AmritMahotsav@adgpi@SpokespersonMoD pic.twitter.com/j2Nu1V9ilM
ইফালে, দেওবাৰে বতৰ কিছু ফৰকাল হোৱাত ভাৰতীয় সেনা জোৱান সকলে পৰ্যটকসকলক সৰু সৰু গোটত ভাগ কৰি প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত থকা গেংটকলৈ খোজ কঢ়াই লৈ যায়।

শেহতীয়া খবৰ অনুসৰি পৰ্যটকসকলৰ উদ্ধাৰ অভিযান সোমবাৰৰ বিয়লি ভাগলৈকে চলাৰ সম্ভাৱনা আছে।
নৱবৰ্ষৰ প্ৰাকক্ষণত দেশ-বিদেশৰ সহস্ৰাধিক পৰ্যটকৰে চীন-ভাৰতৰ সীমাৰ ওচৰৰ চংমো বা চাংগু হ্ৰদ ভৰি পৰাত উদ্ধাৰ অভিযান দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে।
লগতে চাওকঃ
চেল্ফি তুলিবলৈ গৈ চতুৰ্থ মহলাৰ পৰা বাগৰি যুৱতীৰ ওপৰত পৰিল যুৱক