পেঞ্চনৰ কাম কৰি দিয়াৰ নামত ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষা বিভাগৰ বিষয়া…

উৎকোচ লোৱাৰ অভিযোগত বঙাইগাঁৱত গ্ৰেপ্তাৰ শিক্ষা বিভাগৰ বিষয়া৷

গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকী হৈছে চন্দা সন্দিকৈ৷

অভয়াপুৰীস্থিত বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ বৰবাবু চন্দা সন্দিকৈ।

গুৱাহাটী পলিক্লিনিকৰ পৰা সন্দিকৈক গ্ৰেপ্তাৰ কৰি  আনিলে অভয়াপুৰী থানাৰ আৰক্ষীয়ে।

অৱসৰপ্ৰাপ্ত শিক্ষকৰ পেঞ্চনৰ কাম কৰি দিয়াৰ নামত ধন লোৱাৰ অভিযোগ তুলি উত্তৰ শালমাৰা মহকুমা শিক্ষক সন্মিলনীয়ে উপায়ুক্তক লিখিতভাৱে প্ৰমাণসহ অভিযোগ দাখিল কৰিছিল সন্দিকৈৰ বিৰুদ্ধে।

তদন্তৰ সময়ত আন ৭ গৰাকী শিক্ষকেও সাক্ষ্যদান কৰিছিল।

২৬ জুলাইত অভয়াপুৰী আৰক্ষী থানাত উত্তৰ শালমাৰাৰ  মহকুমাধিপতি পাৰ্থসাৰথি জহৰীয়ে ৰুজু কৰিছিল এক গোচৰ।

প্ৰায় এপষেক ধৰি আত্মগোপন কৰি আছিল চন্দা সন্দিকৈয়ে।

Leave a Comment