অসম

পুনৰ ৰাজ্যত বন্ধ হ’ব ৩ হাজাৰ চৰকাৰী বিদ্যালয়, ২০২২ৰ পৰা সম্পূৰ্ণৰূপে কাৰ্য্যকৰী হ’ব নতুন শিক্ষা নীতি…

পুনৰ ৰাজ্যত বন্ধ হ’ব ৩ হাজাৰ চৰকাৰী বিদ্যালয়।

বিদ্যালয়ত শিক্ষাৰ্থীৰ আশানুৰূপ নামভৰ্তি নোহোৱাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ৷

২০২২ চনৰ পৰা সম্পূৰ্ণ ৰূপে কাৰ্য্যকৰী হ’ব নতুন শিক্ষা নীতি৷

নতুন শিক্ষা নীতি আৰম্ভ কৰাৰ প্ৰাকক্ষণত আৰম্ভ হৈছে বিদ্যালয় একত্ৰিকৰণ প্ৰক্ৰিয়া৷ যি প্ৰক্ৰিয়াৰ অধীনত ৰাজ্যত লোপ পাব ৩ হাজাৰ চৰকাৰী বিদ্যালয় আৰু প্ৰায় ১৪ হাজাৰ শিক্ষক কৰ্মচাৰী পদ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত হ’বলগীয়া নতুন শিক্ষা নীতি আয়োগে পৰামৰ্শ লৈ অক্টোবৰত অধিক খৰটকীয়াকৈ কাম কাজ আৰম্ভ কৰাৰ লক্ষ্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ৷

লোক নিৰ্মান বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা পোৱা শিক্ষকক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক শিক্ষা মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিং৷

ষষ্ঠ শ্ৰেণীৰ পৰা vocational শিক্ষাক বাধ্যতামূলক কৰাৰ ইংগিত প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চ্যুকাফাকে ধৰি অসম প্ৰতিষ্ঠা কৰাত আগভাগ লোৱা বিশেষ ব্যক্তিৰ তথ্য সম্বল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়ায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button