পুনৰ শ্বেৰমান আলী আহমেদক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।
৫ দিনৰ বাবে বিধায়কজনক জিম্মাত বিচাৰিছিল আৰক্ষীয়ে।
ন্যায়িক দণ্ডাধীশৰ আদালতে জিম্মালৈ প্ৰেৰণ কৰে শ্বেৰমানক।
পূৰ্বেও দুদিনৰ আৰক্ষীৰ জিম্মাত আছিল বিতৰ্কিত বিধায়কজন।
ফৰেনচিকত কণ্ঠৰ নমুনা সংগ্ৰহৰ পিছতে আদালতত হাজিৰ শ্বেৰমানক।
উল্লেখ্য যে, অসম আন্দোলনৰ শ্বহীদক লৈ অপমানজনক মন্তব্য কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল শ্বেৰমান আলীক।
ইতিমধ্যে কংগ্ৰেছ দলৰ পৰাও নিলম্বন কৰা হৈছে বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক।









