পুনৰ এনকাউণ্টাৰ! এইবাৰ আৰক্ষীৰ গুলীত আহত গৰু চোৰ নেকিবুৰ ৰহমান…

এইবাৰ কামৰূপ আৰক্ষীৰ এনকাউন্টাৰ।

এইবাৰ আৰক্ষীৰ গুলী আহত গৰু চোৰ নেকিবুৰ ৰহমান।

ৰবিবাৰে নিশা কামৰূপ আৰক্ষীয়ে বিজয়নগৰত এনকাউন্টাৰ কৰে গৰু চোৰ নকুল ওৰফে নেকিবুৰক।

গৰু চুৰিৰ লগতে বাইক চুৰিতো জড়িত আছিল নেকিবুৰ।

পলাশবাৰীৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত দখলাত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে।

কামৰূপ আৰক্ষীয়ে পলাশবাৰীৰ দখলাত নেকিবৰক লগতলৈ অভিযান চলাই থকাৰ সময়তে আৰক্ষীৰ মাৰানস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলিচালনা কৰিবলৈ বাধ্য হয়।

সোঁভৰিত গুলি লাগি আঘাটপ্ৰাপ্ত হয় নকুল ওৰফে নেকিবুৰ।

আঘাতপ্ৰাপ্ত নেকিবৰক ৰাণী চিকিৎসালয় প্ৰাথমিক চিকিৎসাৰ কৰাৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হয়।

কামৰূপ আৰক্ষীৰ গুলীত গুলিবিদ্ধ নেকিবৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰুজু আছে একাধিক গোচৰ।

আৰক্ষীয়ে জনোৱা মতে, মটৰ চাইকেল চুৰিৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি, গৰু চুৰি, গাড়ী চুৰিৰ সৈতে জড়িত আছিল নেকিবৰ।

নেকিবৰৰ পৰা কেইবাখনো চুৰি মটৰ চাইকেলসহ ৯টাকৈ চুৰি গৰু জব্দ কৰে কামৰূপ আৰক্ষীয়ে।

Leave a Comment