পুনৰ অনুষ্ঠিত হ’ব APDCLৰ নিযুক্তি পৰীক্ষা, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ঘোষণা…

২০১৯ চনত অনুষ্ঠিত APDCL পৰীক্ষা বাতিল।

পুনৰ অনুষ্ঠিত হ’ব APDCLৰ নিযুক্তি পৰীক্ষা।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে।

অৱশ্যে নতুনকৈ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব সেই বিষয়ে জনোৱা নাই মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, শুকুৰবাৰে APDCLৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই ১০ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল।

এই গ্ৰেপ্তাৰ হোৱা ১০ জন ব্যক্তিৰ ভিতৰত আছিল এ পি ডি চি এলৰ অ’এছডি দীপংকৰ দিহিঙিয়া।

তেওঁ ২০০৬ চনৰ পৰা এ পি ডি চি এলত অ’এছডি হিচাপে কাম কৰি আছে।

Leave a Comment