পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী ৰূপে বিচাৰে বিধায়ক অখিল গগৈয়ে…

‘আমি মমতা বেনাৰ্জীক ভাল পাওঁ কাৰণ তেওঁ এখন সাম্প্ৰদায়িক ফেচিষ্ট ছৰকাৰৰ বিৰুদ্ধে যুঁজ দি আছে। মমতা বেনাৰ্জীয়ে  এটা ফেডাৰেল ৰাজনৈতিক গাথনিৰ বাবে যুঁজ কৰি আছে। আমি সেয়ে তেওঁক দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰূপে চাব বিচাৰোঁ।’

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতি সমৰ্থন আগবঢ়াই এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ।

উল্লেখ্য যে বিগত কেইদিনত মমতা বেনাৰ্জীক দুবাৰকৈ সাক্ষাৎ কৰাৰ পিছত শুকুৰবাৰে পুনৰ মমতাক সাক্ষাৎ কৰিবলৈ কলকাতালৈ ৰাওনা হৈছে অখিল গগৈ।

মমতা বেনাৰ্জীয়ে অখিল গগৈক অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব ল’বলৈ আহ্বান জনোৱা বুলি স্বীকাৰ কৰিছিল অখিল গগৈয়ে।

শেহতীয়াভাৱে অখিল গগৈয়ে কয়- আমাক এটা আঞ্চলিক দলৰ ফেডাৰেচন লাগে আৰু আমি মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে বিচাৰোঁ। আমি আঞ্চলিক ফেডাৰেচন এটা গঠনৰ প্ৰয়াস কৰি আছোঁ। তিনি মাহ পিছত এই বিষয়ত ভালকৈ বহিম আৰু সেই অনুসাৰে আগবাঢ়িম।”

লগতে কয়- ‘আমি ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচন একত্ৰ হৈ খেলিব লাগিব। প্ৰশান্ত কিশোৰো আছে আৰু মই ভাবোঁ আমি কেন্দ্ৰত থকা চৰকাৰখন ওফৰাব পাৰিম।’

Leave a Comment