পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনাই আঠখেলীয়া নামঘৰত আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে…

পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনাই ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত আশীষ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দিনৰ প্ৰায় ১১ বজাত আঠখেলীয়া নামঘৰত আহি উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা।

মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিত্ত মন্ত্ৰী অজন্তা নেওগ ,স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত , কৃষি মন্ত্ৰী অতুল বৰা , ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা , সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে আঠখেলীয়া নামঘৰত চাকি বন্তি জ্বলাই এভাগি শৰাই আগবঢ়ায় আৰু নেদেখাজনৰ ওচৰত আশীৰ্বাদ লয়।

ইয়াৰ পিছত তেওঁ ৩০ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা আঠখেলীয়া নামঘৰৰ কাৰ্যালয় উদ্বোধন কৰে।

লগতে তেওঁ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ উন্নয়নৰ আৰু সাংস্কৃতিক প্ৰকল্পৰ বাবে ৫ কোটি টকাৰ অনুদান ঘোষণা কৰে।

Leave a Comment