অসম

ৰাজ্যিক বিজেপিৰ পূৰ্ণাংগ কমিটী গঠন, কাক দিয়া হ’ল কি দায়িত্ব?

বুধবাৰে ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰিলে দলৰ পুৰ্ণাংগ কমিটী৷

দলৰ সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত গঠন কৰা হ’ল পূৰ্ণাংগ কমিটী।

কমিটীখনত উপ-সভাপতিৰ দায়িত্ব লাভ কৰিছে সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, সাংসদ তপন কুমাৰ গগৈ, ৰেখাৰাণী দাস বড়ো, বিজুলী কলিতা মেধী, বিধায়ক নৱ কুমাৰ দলে, অশোক ভট্টৰায়, জয়ন্ত কুমাৰ দাস আৰু অজয় কোঁৱৰে।

ফণী শৰ্মাক দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰূপে বাছনি।

সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছে পল্লৱ লোচন দাস, পুলক গোহাঁই আৰু দীপ্লু ৰঞ্জন শৰ্মাই।

সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছে কণাৰ্ড পুৰকায়ষ্ঠ, জগদীশ দত্ত, মেঘনা হাজৰিকা, অপৰাজিতা ভূঞা, বিধায়ক অজয় কুমাৰ ৰয়, বিধায়ীকা নন্দিতা গাৰ্লোচা, টিনামণি দৈমাৰী আৰু বিকুল ডেকাই।

image 2

কোষাধ্যক্ষৰ দায়িত্ব লাভ কৰিছে ৰাজকুমাৰ শৰ্মা আৰু মনোজ চৰফে (সহযোগী)।

কাৰ্যালয় সম্পাদকৰ পদত পুনৰ সুশান্ত বিশ্বাস (সুজিৎ)।

মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব দিয়া হৈছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক।

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক দিয়া হৈছে মুখ্য মুখপাত্ৰৰ দায়িত্ব৷

মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছে পবিত্ৰ মাৰ্ঘেৰিটা, লক্ষ্য কোঁৱৰ, সুভাষ দত্ত, কিশোৰ উপাধ্যায়, জানকী খাউণ্ড, ৰাজদ্বীপ গোৱালা, কল্যাণ গগৈ, জুৰি শৰ্মা বৰদলৈ, ৰঞ্জীৱ শৰ্মা, পংকজ বৰবৰা, মানস ডেকা, ৰামকৃষ্ণ ঘোষ, ৰূপম গোস্বামীক।

আনহাতে, অ’বিচি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, SC মৰ্চাৰ সভাপতি মুন স্বৰ্ণকাৰ, ST মৰ্চাৰ সভাপতি শিৱনাথ ব্ৰহ্ম।

image 3

আনহাতে সংখ্যালঘু মৰ্চাৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে শান্তিয়াছ কুজুৰক। সাধাৰণতে এই মৰ্চাৰ সভাপতিৰ দায়িত্ব লাভ কৰি আহিছিল একোজনকৈ মুছলমান সম্প্ৰদায়ৰ লোকে৷

চাহ মৰ্চা দিগন্ত ঘাটোৱাৰ, কিষাণ মৰ্চা দেৱজিৎ বৰা, যুৱ মৰ্চা সিদ্ধান্ত অংকুৰ বৰুৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *