পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাহনৰ, থিতাতে নিহত এজন, আহত ২…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাহনৰ।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এজন লোক, আনহাতে আহত হয় আন দুজন।

নগাঁৱৰ ৰাঙলুৰ সমীপৰ ৩৬নং ফ’ৰলেনযুক্ত ঘাইপথৰ এঘাৰ মাইলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

জানিব পৰা মতে, এখন ই ৰিক্সাক অতিক্ৰম কৰিবলৈ গৈ নগাঁও দিশে আহি থকা এছ ০৯ বি ৯৪৯৫ নম্বৰৰ মহিন্দ্ৰা কে ইউ ভি গাড়ীখনে পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত মহিন্দ্ৰা গাড়ীখনৰ এজন আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত নিহত লোকজন বৰ্তমানেও চিনাক্ত হোৱা নাই যদিও আহত লোক দুজনৰ নাম ছিদ্দিক আলী আৰু ছফিকুল ইছলাম।

আহত দুয়োজন লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

শিহৰণকাৰী! কােলাত কেচুৱা লৈ জলপ্ৰপাতত আবদ্ধ হৈ পৰিল মাতৃ, তাৰ পাছত ঘটিল এই ঘটনা…

Leave a Comment