নৱেম্বৰ মাহৰ পৰাই মাইক্ৰফাইনেন্সৰ ঋণ উভতাই দিয়াৰ কাম আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী…

ৰাজ্য়ৰ লাখ লাখ মহিলালৈ সুখবৰ।

নৱেম্বৰ মাহৰ পৰাই মাইক্ৰফাইনেন্সৰ ঋণ উভতাই দিয়াৰ কাম আৰম্ভ হ’ব।

নৱেম্বৰৰ পৰা মহিলাই লাভ কৰিব মাইক্ৰ’ফাইনেন্সৰ ধন।

চেক যোগে অসম চৰকাৰে প্ৰদান কৰিব এই ধন।

এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰিয়েই ৰাজ্যৰ ঋণগ্ৰস্থ মহিলাসকলক এই ঋণ প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

উপ নিৰ্বাচন উপলক্ষে তামুলপুৰত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত এই মন্তব্য শৰ্মাৰ।

তেওঁ কয়- ঋণৰ নামত আৰু কোনো হাৰাশাস্তি খাব নালাগে। ইতিমধ্যে এজেণ্ট সকলো অহা বন্ধ হৈছে। সেয়ে নৱেম্বৰ মাহৰ পৰাই মাইক্ৰফাইনেন্সৰ ঋণ লোৱা আই-মাতৃ সকলক ঋণ ঘূৰাই দিয়া কাম আৰম্ভ কৰিব।

Leave a Comment