নৱবৰ্ষত সুৰা বিক্ৰীৰ অভিলেখ গুৱাহাটীত! দুটা দিনত বিক্ৰী হ’ল ৮ কোটি টকাৰ সুৰা…

নিউজ ডেস্কঃ এফালে সুৰাপানক লৈ কঠোৰ চৰকাৰ-প্ৰশাসন, আনফালে মহানগৰীত দুটা দিনত সৃষ্টি হ’ল সুৰা বিক্ৰীৰ অভিলেখ।

৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীত বিক্ৰী হোৱা সুৰাই অভিলেখ গঢ়িলে গুৱাহাটী মহানগৰীত।

দুটা দিনত কেৱল গুৱাহাটী মহানগৰীতে বিক্ৰী হ’ল ৮ কোটি ১ লাখ টকাৰ সুৰা।

তথ্য অনুসৰি, ৩১ ডিচেম্বৰত মহানগৰীত বিক্ৰী হয় মুঠ ৪ কোটি ৮০ লাখ টকাৰ সুৰা।

একেদৰে পহিলা জানুৱাৰীৰ দিনটোত বিক্ৰী হয় ৩ কোটি ২১ লাখ টকাৰ সুৰা।

উল্লেখ্য যে, এইবাৰ পূৰ্বৰ তুলনাত সুৰাপানক লৈ অধিক কঠোৰ হৈছিল চৰকাৰ-প্ৰশাসন।

সুৰাপান কৰি বাহন চলোৱা লোকক বিহা হৈছিল মোটা অংকৰ জৰিমণা।

একেদৰে এইবাৰ বনভোজস্থলীতো নিষিদ্ধ কৰা হৈছিল সুৰাৰ বিক্ৰী আৰু পান।

এনে পৰিপ্ৰেক্ষিততো মহানগৰীতে ৮ কোটিৰো অধিক টকা মূল্যৰ সুৰাৰ বিক্ৰীয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ।