৫ নৱেম্বৰত ৰাজ্যজুৰি স্মৰণ কৰা হয় সুধাকণ্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক।
ৰাজ্যৰ অন্যান্ন প্ৰান্তৰ লগতে হোজাইতো অনুষ্ঠিত কৰা হৈছিল ভূপেন হাজৰিকাৰ দশম মৃত্যুবাৰ্ষিকী।
হোজাইৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত পুৰণি বজাৰ নেতাজী কৰ্ণাৰত অনুষ্ঠিত কৰা হৈছিল ভূপেন হাজৰিকাৰ দশম মৃত্যুবাৰ্ষিকী।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিৰ তলত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি ৰাখি অনুষ্ঠিত কৰা হৈছিল সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
সুভাষ চন্দ্ৰ বসুৰ ভৰিৰ তলত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি ৰাখি শ্ৰদ্ধাঞ্জলি জনোৱাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
আনকি সংগঠনটোৱে ভূপেন হাজৰিকাক অপমান কৰা বুলি হোজাইৰ চৌদিশে উঠিছে অভিযোগ।
বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৰ এনে কাৰ্যক তীব্ৰ গৰিহণা জনাইছে।
ইফালে বিদ্যাৰ্থী পৰিষদৰ সাধাৰণ সম্পাদক সোণাল কুন্ডুৱে এয়া তেওঁলোকৰ ডাঙৰ ভুল হৈছে বুলি মন্তব্য কৰাৰ লগতে আগন্তুক দিনত এনে ভুল যাতে নহয় ইয়াৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখিব বুলি ব্যক্ত কৰি অসমবাসীৰ পৰা ক্ষমা বিচাৰে।









