অসম

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ভাষণ দি থাকোতে কিয় হুক-হুকাই কান্দিলে বদৰুদ্দিন আজমলে?

ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে প্ৰতিটো ৰাজনৈতিক দলৰ।

মঙলবাৰে গোসাঁইগাঁও বিধানসভা সমষ্টিৰ কাচাৰিগাঁৱত এআইইউডিএফৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।

 সভাত উপস্থিত থাকে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল।

তেওঁ কয় যে,- ‘বিটিএডিৰ গোষ্ঠীগত সংঘৰ্ষত মই ৭ দিন বিলাসীপাৰা কেম্পত আছিলো কিন্তু সেই সময়ত কংগ্ৰেছৰ এগৰাকী মন্ত্ৰী ফুটবল চাবলৈ দক্ষিণ আফ্ৰিকালৈ গৈছিল। বিটিএডিত এজনো বাংলাদেষী নাই এই কথা মই সদনত কান্দি কান্দি কৈছিলো।’

তদুপৰি এই নিৰ্বাচনী সভাৰ জৰিয়তে বিজেপি আৰু ইউপিপিএলকো সমালোচনা কৰে আজমলে।

তাৰপিছতেই মঞ্চত কান্দি কান্দি আজমলে এআইইউডিএফৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰক ভোট দিবলৈ আহ্বান জনাই আৰু তলা-চাবি মজবুত কৰি ৰখাৰ আহ্বান জনাই।

তেওঁ কয়- ‘ইউ পি পি এলৰ ডাঙৰ গুৰু হ’ল হিমন্ত বিশ্ব শৰ্মা। ইউ পি পি এলক ভোট নিদিব। পদুম ফুলে গাখীৰ দিয়া কথা জীৱনত শুনা নাই।’

লগতে কয়- এআইইউডিএফ দলক প্ৰথম সাম্প্ৰদায়িক দল বুলি কংগ্ৰেছে মন্তব্য কৰিছে। কংগ্ৰেছে সংখ্যালঘুসকলক ডি ভোটাৰ সজাই ডিটেনচন কেম্পত বন্দী কৰে, সংখ্যালঘুৰ যিমান সমস্যা সকলো কংগ্ৰেছৰ সৃষ্টি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button