নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত মুখ্যমন্ত্ৰী শৰ্মাক সকীয়নি নিৰ্বাচন আয়োগৰ…

নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়নি নিৰ্বাচন আয়োগৰ।

 নিৰ্বাচনী বিধি উলংঘা কৰি নিৰ্বাচনী সভাত চৰকাৰী আচনিৰ বিষয়ে উল্লেখ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰিছিল জাননী। এই জাননীৰ উত্তৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

জাননীৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কোনে নতুন আঁচনি ঘোষণা কৰা নাই বুলি মন্তব্য কৰিছিল।

WhatsApp Image 2021 10 27 at 1.18.36 PM

বিৰোধী নেতা দেৱব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অভিযোগৰ ভিত্তিত বুধবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সতৰ্কবাণী জাৰি কৰিছে।

নিৰ্বাচন আয়োগে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাক সতৰ্কবাণী জাৰি কৰি ভৱিষ্যতে অধিক সাৱধান আৰু সংযম হ’বলৈ আৰু ৰাজহুৱা সম্বোধনৰ সময়ত নিৰ্বাচনী আচৰণ বিধিৰ ব্যৱস্থাসমূহ কঠোৰভাৱে অনুসৰণ কৰিবলৈ সতৰ্ক কৰি দিয়ে।

WhatsApp Image 2021 10 27 at 1.18.45 PM

উল্লেখ্য যে কংগ্ৰেছ নেতৃত্বই যোৱা ২২ আৰু ২৩ অক্টোবৰত ভৱানীপুৰ, থাওৰা আৰু মৰিয়নিত অনুষ্ঠিত বিভিন্ন নিৰ্বাচনী সভাত কেইবাটাও ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিছিল।

অভিযোগ অনুসৰি, মুখ্যমন্ত্ৰী শৰ্মাই চাহ বাগিচাৰ শ্ৰমিকসকলৰ আত্ম সহায়ক গোটবোৰক আৰ্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰিছিল।

Leave a Comment