নিউজ ডেস্কঃ কাৰাগাৰৰ নিৰাপত্তাৰক্ষীক হত্যা কৰি পলায়ন কৰা দুৰ্ধৰ্ষ NSCN(K)ৰ কেডাৰ ৰকছন হোমছাক গ্ৰেপ্তাৰ আৰক্ষীৰ।
অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অভিযান চলাই টিৰাপৰ বগাপানীৰ পৰা গ্ৰেপ্তাৰ কৰে পলাতক দুৰ্ধৰ্ষ উগ্ৰপন্থীজনক।
উল্লেখ্য যে, এসপ্তাহ পূৰ্বে অৰুণাচল প্ৰদেশৰ খোনচাত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা।
জে’লৰ এজন নিৰাপত্তাৰক্ষীক হত্যা কৰি হাতত একে-৪৭ ৰাইফল লৈ পলায়ন কৰিছিল NSCN(K)ৰ দুই দুৰ্ধৰ্ষ কেডাৰে।
পলায়ন কৰা দুৰ্ধৰ্ষ উগ্ৰপন্থী দুজন আছিল ৰকছন হোমছা আৰু টিপটু কিটন্যা।
এই দুই উগ্ৰপন্থীৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যু ঘটে নিৰাপত্তাৰক্ষী ৱাংনিয়াম বছাইৰ।
পৰৱৰ্তী সময়ত পলাতক উগ্ৰপন্থী দুজনক বিচাৰি অভিযান অব্যাহত ৰাখিছিল অৰুণাচল আৰক্ষীয়ে।
অৱশ্যে এতিয়াও পলাতক হৈ আছে আনজন দুৰ্ধৰ্ষ উগ্ৰপন্থী টিপটু কিটন্যা।