
নিউজ ডেস্ক। ৰাজ্যজুৰি নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।
বঙাইগাঁও আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক কৰা হ’ল এজন মৌলবীক।

শনিবাৰে আবেলি এটা চাবোনৰ বাকচত ১২গ্ৰাম ড্ৰাগছসহ সদৰ থানাৰ অন্তৰ্গত কিষাণ বজাৰৰ পৰা আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী মৌলবীজনক।
মৌলবীজন মানিকপুৰ থানাৰ অন্তৰ্গত চানমাৰাৰ হাফিজ আব্দুল্লাহ আলী।
আৰক্ষীয়ে জব্দ কৰে এএছ ১৯এল ৩১৯৫ নম্বৰৰ মৰচাইকেলখন।
Bongaigaon PS staff today arrested one peddler Hafiz Abdullah Ali of village Salmara under Manikpur PS and recovered 12 gm suspected heroin from his possession. Legal formalities are being observed. @DGPAssamPolice @gpsinghips @lrbishnoiassam @assampolice @WarOnDrugs pic.twitter.com/aE6cT5djSH
— Bongaigaon Police (@bongaigaonpolic) October 22, 2021
সম্প্ৰতি বঙাইগাঁও সদৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখইছে মৌলবীজনক।