অসম

নিমাতীঘাটৰ নাও দুৰ্ঘটনাঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক পদত্যাগৰ দাবী ভূপেন বৰাৰ…

নিমাতীঘাটত বুধবাৰে সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাক লৈ বৃহস্পতিবাৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিলে প্ৰদেশ কংগ্ৰেছে।

কাৰ ভুলৰ বাবে সংঘটিত হ’ল নিমাতীঘাটৰ শোকাবহ নাও দুৰ্ঘটনা ? বিগত সময়ত হৈ যোৱা অনুৰূপ ঘটনাৰ পৰা কিয় শিক্ষা নল’লে ৰাজ্য চৰকাৰে ?

সংবাদমেলত এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

ভূপেন বৰাই কয়- ২০১৮ চনত উত্তৰ গুৱাহাটীত সংঘটিত হৈছিল আন এক শোকাবহ নাও দুৰ্ঘটনা। সেই অঘটনৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিক্ৰমাদিত্য চৌধুৰী নামৰ অভিযন্তাজনক নিলম্বন কৰা হৈছিল।

তিনি বছৰ পিছত পুনৰ কালি নিমাতীঘাটৰ দুৰ্ঘটনাৰ বাবেও এই একেজন বিক্ৰমাদিত্য চৌধুৰীক নিলম্বন কৰা হৈছে। বিষয়া একেজন, বিভাগীয় মন্ত্ৰীও একেজনেই। ২০১৮ ৰ নাও দূৰ্ঘটনাৰ সময়তো বিভাগটোৰ মন্ত্ৰী আছিল চন্দ্ৰমোহন পাটোৱাৰী, এতিয়াও চন্দ্ৰমোহন পাটোৱাৰী।

যিজন অভিযন্তাক ২০১৮ ৰ দুৰ্ঘটনাটোৰ বাবে নিলম্বন কৰা হৈছিল, সেই একেজন অভিযন্তাক কিহৰ বাবে অসমৰ আটাইতকৈ ব্যস্ত জলপথ নিমাতীঘাট-মাজুলীৰ দায়িত্ব দিয়া হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে ভূপেন বৰাৰ ?

আভ্যন্তৰীণ জল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগৰ দাবী কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জবাবদিহি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয় যে, ৰে’ল দুৰ্ঘটনাৰ বাবে নীতিশ কুমাৰ, মমতা বেনাৰ্জীয়ে পদত্যাগ কৰিছিল । বিমান দূৰ্ঘটনাৰ বাবে দায়িত্ব মূৰ পাতি লৈ পদত্যাগ কৰিছিল মাধৱৰাও সিন্ধিয়াই।

গতিকে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো পদত্যাগ দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

আনহাতে, ২০১৮ ৰ নাও দূৰ্ঘটনাৰ পৰা এইখন চৰকাৰে কোনো শিক্ষা নললে বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে, সেই দূৰ্ঘটনাৰ পিছতেই বিধানসভাৰ মজিয়াত পৰিবহণ মন্ত্ৰী পাটোৱাৰীয়ে ঘোষণা কৰিছিল যে নৈৰ বুকুত এটা ইঞ্জিনৰ নাও চলাচল বন্ধ কৰা হৈছে । চোৰ গলে বুদ্ধি আৰু বৰষুণ গলে জাপি লোৱাৰ দৰে আজি মুখ্যমন্ত্ৰীয়ে নিমাতীঘাটৰ ঘটনাৰ পিছত ঘোষণা কৰিছে যে এটা ইঞ্জিনযুক্ত নাৱৰ চলাচল বন্ধ কৰা হব।

তেন্তে তিনি বছৰ আগতে বিধানসভাত পাটোৱাৰীয়ে কৰা ঘোষণা কি আছিল ? কিয় কাৰ্যকৰী হোৱা নাছিল সেই ঘোষণা ? এইদৰে সংবাদমেল যোগে প্ৰশ্ন উত্থাপন কৰে ভূপেন বৰাই

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছে চৰকাৰক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিক সোঁৱৰাই দি কয়- নিৰ্বাচনী সভাত এনেদৰেই যোৰহাট-মাজুলী সংযোগী দলং পাঁচ বছৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী মোদীৰ সেই প্ৰতিশ্ৰুতিৰ ছয় বছৰৰ পিছত বুধবাৰে নিমাতীঘাটত সংঘটিত হ’ল ভয়ংকৰ নাও দুৰ্ঘটনা।

প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ক’লে- ‘নৈপৰীয়া বতাহ খাই এতিয়া সাগৰৰ বতাহ খাই আছে সোণোৱালে। মাজুলীৰ মানুহৰ মূৰত দলং সাজি মুখ্যমন্ত্ৰী হোৱা সোণোৱাল এতিয়া কেন্দ্ৰীয় মন্ত্ৰী৷ কিন্তু মাজুলীত দলং নহ’লগৈ৷ দুবাৰকৈ কিন্তু দলঙৰ আধাৰশিলা পাতিলে।’

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো ৰেহাই নিদিলে৷ ভূপেন বৰাই ক’লে- ‘মুখ্যমন্ত্ৰীৰ এশদিনীয়া কাৰ্যকালত মৃত্যুয়ে কিৰীলি পাৰিছে৷ মিজোৰাম সীমান্তত ছয় আৰক্ষী জোৱানে প্ৰাণ দিলে, SP চিৰজীৱনৰ বাবে ঘুণীয়া হ’ল৷ ডিমা হাছাওত পাঁচজনে প্ৰাণ দিলে, ধেমাজিত ছাত্ৰীক ঘপিয়াই হত্যা কৰিলে৷ এতিয়া নিমাতীত পৰীমিতা দাসে প্ৰাণ দিবলগীয়া হ’ল৷

ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে বিধায়ক কিনা বাদ দি ৰাইজৰ কামত লাগক বুলি কটাক্ষ কৰে ভূপেন বৰাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button