ৰাষ্ট্ৰীয়অসমীয়া

নিজৰ ৬৫ শতাংশ যকৃত (Liver) দানেৰে পিতৃৰ জীৱন ৰক্ষা কৰিলে পুত্ৰই…

নিউজ ডেস্ক। পৃথিৱীৰ অধিকাংশ লোকে বিশ্বাস কৰে যে পৰিয়ালতকৈ একোৱেই ডাঙৰ নহয়। কিন্তু এই কথা কেৱল কেইজনমানহে প্ৰমাণ কৰিব পাৰে।

বৰ্তমান এনে এক কাহিনী ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। য’ত এজন পুত্ৰই তেওঁৰ অসুস্থ পিতৃক এক নতুন জীৱন প্ৰদান কৰি দাঙি ধৰিলে এক উদাহৰণ।

প্ৰাপ্ত তথ্য অনুসৰি, যুৱকজনৰ পিতৃয়ে তেওঁৰ যকৃত হেৰুৱাইছিল। চিকিৎসকে তেওঁক জনাইছিল যে তেওঁৰ ওচৰত বেছি সময় নাই। অতি সোনকালেই পিতৃৰ যকৃত সংৰোপণ কৰিব লাগিব।

s1

চিকিৎসকৰ কথা শুনি পুত্ৰই এজন যকৃত দাতাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ যকৃতৰ ৬৫ শতাংশ পিতৃক দান কৰে। আৰু অৱশেষত সুৰক্ষিতভাৱে ৰক্ষা পৰে পিতৃৰ জীৱন। বৰ্তমান এই ঘটনাই সমগ্ৰ বিশ্বৰ হৃদয় জয় কৰিছে।

এই কাহিনীটো ইনষ্টাগ্ৰামত ‘হিউমেনছ অফ বম্বে’ নামৰ এটা পেজে শ্বেয়াৰ কৰে। যিটো কাহিনী পঢ়ি বহুতৰ চকুপানী নিগৰিছে।

যুৱকজনে নিজৰ এই অভিজ্ঞতা বৰ্ণনা কৰে এনেদৰে, ”যেতিয়া দেউতা যকৃতৰ বিকলতাত আক্ৰান্ত হৈছিল, সেইয়া শুনি মই হতবাক হৈছিলো! তেওঁ কেতিয়াও ধূমপান বা সুৰাপান কৰা নাছিল। আৰু যেতিয়া চিকিৎসকে কৈছিল যে, ‘দাতা অবিহনে দেউতা মাত্ৰ ৬ মাহ জীয়াই থাকিব’। তেতিয়া মই অসহায় অনুভৱ কৰিছিলো। দেউতাই মোক কৈছিল, ‘মই মৰিব নিবিচাৰো। মই তোমাক স্নাতক হিচাপে চাব বিচাৰো!’

s2

দেউতাৰ কথা শুনি আমাৰ ঘৰৰ সকলো ভাগি পৰিল। সেই সময়ছোৱাত কভিডৰ দ্বিতীয় ঢৌ অব্যাহত আছিল। মই ভাইৰাছত আক্ৰান্ত হৈছিলো। তেতিয়া মই দেউতাৰ পৰা পৃথকে আছিলো। কিন্তু দেউতাক সেই কথা অনুভৱ কৰিবলৈ দিয়া নাছিলো। দেউতাক ইতিবাচক কৰি ৰাখিবলৈ মই তেওঁক ভিডিঅ’ কল কৰিছিলো আৰু তেওঁক লুডু খেলত মোক মাৰিবলৈ দিওঁ। আমি ইজনে সিজনক আশ্বাস দিছিলো যে আমি ইয়াৰ মাজেৰে পাৰ হ’ম। কিন্তু মই আৰোগ্য হোৱাৰ পিছত দেউতা ভাইৰাছত আক্ৰান্ত হৈছিল। তেওঁক নিয়মীয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

মই তেওঁৰ কাষত বহি মোৰ পৰীক্ষাৰ বাবে পঢ়িছিলো। দেউতাই কষ্ট পোৱা দেখি মই সহ্য কৰিব নোৱাৰিলো। সেয়েহে মই পৰিয়ালৰ সকলোকে কৈছিলো যে, মই দেউতাক বচাম। মই মোৰ নিজৰ যকৃত দান কৰিম। সেই সিদ্ধান্ত লৈ চিকিৎসকক মই জনালো। সৌভাগ্যক্ৰমে মোৰ আৰু দেউতাৰ যকৃত মিল আছিল, কিন্তু মোৰ যকৃত চৰ্বিযুক্ত আছিল। মই তেওঁৰ বাবে মোৰ যকৃতৰ ৬৫% দান কৰিব লগা হৈছিল।

s3

মোৰ যকৃত চৰ্বিযুক্ত হোৱাৰ বাবে মই ব্যায়াম কৰিছিলো আৰু সঠিকভাৱে খাইছিলো। কেইবাটাও পৰীক্ষাৰ পিছত মোক কোৱা হৈছিল যে মই অস্ত্ৰোপচাৰৰ বাবে স্বাস্থ্যৱান। তেতিয়া মই সকাহ পাইছিলো। কিন্তু দেউতাই কান্দিছিল।

তেওঁ মোক কৈছিল, ‘যদি তোমাৰ জটিলতা হয় তেন্তে কি হ’ব? মই নিজকে ক্ষমা কৰিব নোৱাৰিম!’ কিন্তু মই তেওঁক কৈছিলো, ‘তোমাৰ যুদ্ধখন মোৰো। আমি হাৰিব নোৱাৰো।’ আমি আমাৰ সঞ্চয়ৰ পৰা অস্ত্ৰোপচাৰৰ বাবে ২০ লাখ টকা ব্যৱহাৰ কৰিছিলো। মায়ে কান্দিছিল আৰু কৈছিল, ‘আমাৰ জীৱনৰ প্ৰাণ অস্ত্ৰোপ্ৰচাৰৰ বাবে গৈছে।’ সম্ভৱতঃ মই জীৱন হেৰুৱাব পাৰো বুলি ভাবি দেউতা আৰু মা উদ্বিগ্ন হৈ পৰিছিল। কিন্তু দেউতাই ৰসিকতা কৰি কৈছিল, ‘এই কাম শেষ হলে মই তোমাক লুডু খেলত হৰুৱাম।”

যুৱকজনে আৰু কয় ”দেউতাৰ ইতিবাচকতাই মোক পঢ়াত মনোযোগ দিয়াত সহায় কৰিছিল আৰু মই মোৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিলো। আৰু আমাৰ অস্ত্ৰোপচাৰৰ ২ দিন পূৰ্বে মই স্নাতক হৈছিলো। দেউতাই কৈছিল, ‘মই ভয়েই খাইছিলো যে এই দিনটো মই চাগে দেখা নাপাম বুলি। তুমি মোক বিশ্বৰ সকলোতকৈ সুখী পিতৃ কৰি তুলিলা।’

s3

তাৰ পিছত মোৰ আৰু মাত্ৰ এটা পৰীক্ষা উত্তীৰ্ণ হ’বলৈ বাকী আছিল। আৰু সেইয়া আছিল আমাৰ অস্ত্ৰোপ্ৰচাৰ। মই অস্ত্ৰোপচাৰ সুচাৰুৰূপে হবলৈ প্ৰাৰ্থনা কৰিছিলো। যেতিয়া মই মোৰ অস্ত্ৰোপচাৰৰ পিছত সাৰ পাইছিলো, চিকিৎসকে মোৰ ফালে চাই হাঁহিছিল আৰু কৈছিল, ‘আপুনি আপোনাৰ দেউতাক বচালে!’ মই তেতিয়া সুখী হৈছিলো। মোৰ চকুত সুখৰ চকুপানী ওলাইছিল। যেতিয়া দেউতা আৰু মই ইজনে সিজনৰ দাগ দেখিছিলো, তেতিয়া দেউতাই কৈছিল, ‘আমি একেলগে এই যুদ্ধ তৈয়াৰ কৰিছিলো আৰু জিকিলো!’

s4

আমি কেইবামাহ ধৰি অনুভৱ কৰা উত্তেজনা বাষ্পীভূত হৈছিল। দৰাচলতে পুনৰুদ্ধাৰৰ যাত্ৰাটো আনন্দদায়ক আছিল। আমি আমাৰ হুইলচেয়াৰবোৰ একেলগে কেনেদৰে চলাব লাগে শিকিছিলো আৰু লুডু খেলি সময় অতিবাহিত কৰিছিলো। আজি আমি দুয়ো ফিট। যদি এই অভিজ্ঞতাই আমাক কিবা শিকাইছে, সেইয়া হৈছে যে জীৱন অনিশ্চিত আৰু নিজৰ পৰিয়ালটোৱেই সকলো…।”

উল্লেখ্য যে বৰ্তমান এই কাহিনীটো এই মুহূৰ্তত বহুতো লোকৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button